পঞ্চায়ত নির্বাচনৰ ভোটগণনা বিজেপিৰ অগ্রগতি
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে পুৱা ৮ বজাৰ পৰা পঞ্চায়ত নির্বাচনৰ ভোটগণনা আৰম্ভ হয়। ৰাজ্যৰ ২১,৯২০টা গাঁও পঞ্চায়তৰ সদস্য পদ, ২,১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্য পদৰ বাবে ২৭খন জিলাত চলি থকা ভোটগণনা এতিয়াও অব্যাহত আছে। অসম ৰাজ্যিক নির্বাচন আয়ুক্তৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, ভোটগণনাৰ সমগ্ৰ প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ দুদিন সময়ৰ প্ৰয়োজন হ’ব। পঞ্চায়ত নির্বাচন বেলটযোগে অনুষ্ঠিত হোৱাৰ বাবে ভোটগণনাত অধিক সময়ৰ প্রয়োজন হ’ব। ৩০ হাজাৰৰো অধিক বেলট বাকচ খুলি ভোটগণনা কৰিব লাগিব। সেয়ে আজি সন্ধিয়াৰ পৰাহে আনুষ্ঠানিকভাৱে আয়োগে ফলাফল প্রকাশ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাজ্যিক নির্বাচন আয়োগে আনুষ্ঠানিকভাবে ফলাফল প্রকাশ নকৰিলেও বিভিন্ন জিলাৰ পৰা অহা ভোটগণনাৰ শেহতীয়া ধাৰা অনুসৰি প্ৰায়বোৰ জিলা তথা সমষ্টিতে বিজেপিয়ে অগ্রগতি লাভ কৰি আহিছে। সৰ্বত্ৰ বিজেপিৰ অগ্ৰগতিৰ বিপৰীতে ধূলিসাৎ হৈছে কংগ্ৰেছ। অহা বছৰ হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অনুষ্ঠিত তথা বিধানসভাৰ ছেমিফাইনেল ৰূপে পৰিগণিত হোৱা পঞ্চায়ত নির্বাচনত কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে অতি শোচনীয় ফলাফল প্ৰদৰ্শন কৰা দেখা গৈছে। প্রধান বিৰোধী দল কংগ্ৰেছে তেওঁলোকৰ অন্যতম সম্পদ বুলি গণ্য কৰা যোৰহাট লোকসভাৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পঞ্চায়ত নির্বাচনত দর্পচূর্ণ হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। যোৰহাট লোকসভাৰ অন্তর্গত প্রতিটো বিধানসভা সমষ্টিতে বিজেপিৰ সাংঘাতিক উত্থান ঘটিছে। কিয়নো প্রতিটো বিধানসভা সমষ্টিতে এইবাৰ বিজেপিয়ে অগ্রগতি লাভ কৰি আছে। যোৰহাট জিলা পৰিষদৰ ১৬খন আসনৰ আটাইকেইখনতে বিজেপিয়ে অগ্রগতি লাভ কৰি আছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাজিৰা সমষ্টিতো বিজেপিয়ে অগ্রগতি লাভ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অহাবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৰঙানদী বিধানসভা সমষ্টিকে ধৰি লখিমপুৰ জিলাতো এতিয়ালৈ বিজেপি অপ্ৰতিৰোধ্য শক্তি হিচাপে আগবাঢ়ি আছে। ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈৰ শিৱসাগৰ সমষ্টিতো এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীসকল এতিয়ালৈ বিধ্বস্ত হৈ আছে। ইয়াৰ বিপৰীতে শিৱসাগৰত বিজেপিৰ ব্যাপক উত্থান হৈছে। যোৱা লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ভোটত জয়লাভ কৰা ৰকিবুল হুছেইনৰ ধুবুৰী লোকসভা সমষ্টিতো এতিয়া কংগ্ৰেছ দল অপ্ৰতিৰোধ্য হৈ থকা নাই। ইয়াৰ বিপৰীতে ধুবুৰীত এআইইউডিএফৰ যথেষ্ট উত্থান ঘটা দেখা গৈছে। এক কথাত ক’বলৈ গ’লে এইবাৰ পঞ্চায়ত নির্বাচনত এই মুহূর্তলৈ যি বিজেপিৰ অগ্রগতি চলি আছে, সেই ধাৰা অব্যাহত থাকিলে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, অখিল গগৈ, ৰকিবুল হুছেইনৰ লগতে বিৰোধীৰ দর্পচূৰ্ণ হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলিব পাৰি। এই সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি সংবাদ মাধ্যমৰ আগত কয় যে সমগ্র অসমতে বিজেপি আৰু মিত্ৰজোঁটৰ ফলাফল ভাল হ’ব। ইয়াৰ মূল কাৰণ হৈছে ভাল কাম, সুফল আৰু সামাজিক ন্যায়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি যি সুশাসন দিছে, স্বচ্ছ আৰু নিকাভাৱে কাম কৰি আছে তাৰ বাবেই ৰাইজে বিজেপি-মিত্রজোঁটক লৈ উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিছে।