মাতৃ – কবিতা শর্মা

মাতৃ 

কবিতা শর্মা
গুৰগাঁৱ,হৰিয়ানা

আস্ … মৰিলো … মা… অ’ মা… উস্… মা … প্ৰসব কক্ষৰ পৰা ভাহি আহিছিল প্ৰথম বাৰৰ বাবে মাক হবলৈ ওলোৱা মানুহজনীৰ যন্ত্ৰণা কাতৰ চিঞৰ …

প্ৰসব কক্ষৰ পৰা ভাহি অহা কেচুৱাৰ কান্দোনত বাহিৰৰ উদ্বিগ্ন মুখবোৰত হাঁহি বিৰিঙিল। নাৰ্চ গৰাকীয়ে হাঁহিমুখেৰে জনালে যে, ধুনীয়া ছোৱালী এজনীৰ মাক হ’ল তাই।

তাইৰ ক্লান্ত চকু হালে হাঁহি ভৰা মুখবোৰৰ মাজত বিচাৰি ফুৰিলে মমতা ভৰা এখন মুখ। মগজুত খুন্দিয়াই থাকিল পুৰণা কথাবোৰ ..
“মা, কি বনাইছা এইবোৰ ইমান টেষ্টলেচ ..”
“মা, মোৰ ফ্ৰেণ্ডচ বোৰৰ আগত ভুলকৈ ইংৰাজী শব্দবোৰ নকবাচোন …”
মা, যোৱাচোন। অলপমান স্পেচ দিবলৈ শিকা …
আস্ … সদ্যোজাত কন্যা সন্তানটিলৈ চাই তাই ভাবিলে কেবল মাকেই নহয়, প্ৰথমবাৰৰ বাবে সচা অর্থত আজি তাই এজনী জীয়েকো হৈ পৰিল !