লাহোৱালৰ দুগৰাকী টিউটৰক বিদায় সম্বৰ্ধনা:শিক্ষামন্ত্ৰীক সকলো শিক্ষকক সমান মৰ্য্যদা দিবলৈ আহ্বান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সাম্প্ৰতিক সময়ত অসম চৰকাৰে বিভিন্ন জনকল্যানমূলক আচঁনি ৰূপায়ন কৰি আহিছে যদিও শিক্ষা বিভাগত কিন্তু বৈষম্যমূলক নীতিৰ পৰিণতিত কৰ্মৰত অৱস্থাত শিক্ষক- শিক্ষয়িত্ৰীসকল উপেক্ষিত হোৱাৰ লগতে দশক-দশক ধৰি শিক্ষাৰ দিশত সেৱা আগবঢ়াই অহাৰ পিছতো অৱসৰৰ পিছত শুদা হাতেৰে ঘৰলৈ উভতিব লগীয়া অৱস্থাৰ আজিও অৱসান হোৱা নাই। ২০২১ চনত ৰাজ্য চৰকাৰে ভেঞ্চাৰ শিক্ষকসকলক ‘টিউটৰ’ হিচাপে কম মজুৰিসহ পদ- সৃষ্টি কৰি প্ৰাদেশিকীকৰণ কৰিছিল যদিও তাৰে যথেষ্ট সংখ্যক শিক্ষকৰ ইতিমধ্যে অৱসৰৰ লগতে বিনা বেতনে মৃত্যুও হৈছে । এনে প্ৰেক্ষাপটতত সমগ্ৰ অসমত তেনে পৰিস্থিতি চলি থকাৰ সময়ত ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত ‘শ্ৰীশ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়’ৰ প্ৰধান শিক্ষক হৃদয় কুমাৰ সেনাপতি আৰু সীতাৰাম চৌখানীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চম্পা বৰুৱাই চৰকাৰৰ এনে বৈষম্য নীতিয়ে অৱসৰ গ্ৰহণ কৰিছে।কৰ্মজীৱনৰ অন্তিম দিনত টিউটৰ হিচাপে পদ-প্ৰাদেশিকীকৰণ হ’লেও দুয়ো গৰাকী শিক্ষকে বহু ঘাত- প্ৰতিঘাতৰ মাজেদি জীৱনৰ অমূল্য সময় অসমৰ ৰাজহুৱা শিক্ষাখণ্ডলৈ সেৱা আগবঢ়াই ভৱিষ্যত প্ৰজন্মক শিক্ষিত কৰি মানৱ সম্পদ হিচাপে গঢ়ি জাতিৰ লগতে দেশক শক্তিশালী কৰাৰ বাবে লাহোৱাল খণ্ডৰ প্ৰাদেশিকীকৃত নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক(টিউটৰ)সংস্থাই যোৱা তিনি মে’ত লংছো মধ্য ইংৰাজী বিদ্যালয়ত এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে।বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীপেন্দ্ৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দীননাথ দত্তই।হিতেশ ভূঞাই আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটোত উপস্থিত থাকি সংস্থাৰ ৰাজ্যিক সম্পাদক চৰিত্ৰ গগৈয়ে অৱসৰ লোৱা সকলো প্ৰাদেশিকীকৃত টিউটৰক তদানীন্তন শিক্ষামন্ত্ৰীৰ ৰাজহুৱা ঘোষণা অনুসৰি দহ লাখ টকাৰ গ্ৰেচ্যুইটি প্ৰদান কৰাৰ লগতে কৰ্মৰত শিক্ষকসকলক সমান দায়িত্ব আৰু কৰ্তব্যৰ বাবে সমান মৰ্যাদা প্ৰদান কৰি সুস্থ শৈক্ষিক- সামাজিক পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়।সভাত দুয়োগৰাকী শিক্ষকক চেলেং, গামোছা আৰু শৰাইৰে উপস্থিত শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।