ভাৰতত শ্ৰমিক দিৱস উদযাপন আৰু ইয়াৰ প্ৰাসঙ্গিকতা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি এই বৰ্ষতো আমাৰ দেশ ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অহা ১ মে তাৰিখে নানা কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছে।
১৯৮৪ চনত ফেডাৰেচন অফ অৰ্গানাইজড ট্ৰেডছ এণ্ড লেবাৰ ইউনিয়নছে (Federation of Organised Trades and Labour Unions) আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত এটি সন্মিলন অনুষ্ঠিত কৰি ঘোষণা কৰিছিল যে, ১৯৮৬ চনৰ ১ মে’ৰ পৰা কৰ্মী সকলৰ বাবে দৈনিক আঠ ঘণ্টাকৈ কৰ্ম বৈধ হ’ব। এই ঘোষণাৰ পৰাই শ্ৰমিক দিৱসৰ সূচনা হয়।
ইয়াৰ চাৰি দশক পিছতহে পোন প্ৰথমবাৰৰ বাবে আমাৰ দেশ ভাৰতবৰ্ষত ১৯২৩ চনৰ ১ মে তাৰিখে লেবাৰ কিশান পাৰ্টীৰ(The Labour Kisan Party) উদ্যোগত মাদ্ৰাজৰ ( বৰ্তমান চেন্নাই) উচ্চ ন্যায়ালয়ৰ ওচৰত আৰু আৰু এখন ট্ৰিপলিকেন সাগৰ পাৰত সভা অনুষ্ঠিত কৰিছিল। এই সভা দুখনৰ সভাপতিত্ব কৰিছিল কমৰেড ছিংগাৰাভেলাৰ ( Comrade Singaravelar)ৰঙা পতাকা উত্তোলন কৰি এই সভাৰ জৰিয়তে বিশ্বৰ সকলো শ্ৰমিকক একত্ৰিত হৈ স্বাধীনতা লাভ কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ প্ৰস্তাৱ গৃহীত কৰে। আৰু তেতিয়াৰ পৰাই আমাৰ দেশে প্ৰতি বছৰে ১ মে’ তাৰিখে শ্ৰমিক দিৱস উদযাপন কৰি আহিছে আৰু শ্ৰমিক দিৱসটিক চৰকাৰী ছুটিৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই শ্ৰমিক দিৱসক ভাৰতত বিভিন্ন নামেৰে জনা যায়। হিন্দী আৰু মাৰাঠী ভাষাত ‘কামগাৰ দিন’ আৰু তামিল ভাষাত ‘ উঝাইপালৰ ধিনম ‘ হিচাপে পালন কৰা হয়। এই শ্ৰমিক দিৱসত ভাৰতৰ বিভিন্ন ট্ৰেড ইউনিয়ন (Trade Unions)বিলাক সম্পূৰ্ণ ৰূপে অংশ গ্ৰহণ কৰে। ভাৰতৰ শ্ৰমিকসকলৰ প্ৰথম সংস্থাৰ কৃতিত্ব সাধাৰণতে দিয়া হয় ‘বম্বে মিল হেণ্ডচ এচোছিয়েশ্যন’ ক (Bombay Mill-Hands Association) যাক প্ৰায়শই ভাৰতীয় শ্ৰমিক আন্দোলনৰ সূচনা বিন্দু হিচাপে উল্লেখ কৰা হয়। এই শ্ৰমিক সংগঠনটি ১৮৯০ চনত বিখ্যাত শ্ৰমিক নেতা এম এম লোখাণ্ডে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত বোম্বাইত লালা লাজপত ৰায়, জোচেফ ব্যাপটিস্তা,এন এম জোশী,দিওয়ান চমন লাল আৰু কেইজনমানে ১৯৪৫ চনলৈকে পাৰ্টী লাইনত ” অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ ( All India Trade Union Congress) গঠন কৰি শ্ৰমিক আন্দোলন চলাই গৈছিল।
বৰ্তমান সময়লৈকে আমাৰ দেশত শ্ৰমিক দিৱস উদযাপনৰ সমান্তৰালভাৱে শ্ৰমিক আন্দোলনৰ প্ৰাসঙ্গিকতাক নুই কৰিব নোৱাৰি। এতিয়া আমি আমাৰ দেশৰ শ্ৰমিকসকলৰ পৰিস্থিতি সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
২০২০ চনৰ লোকপিয়ল অনুসৰি ভাৰতত সৰ্বমুঠ শ্ৰমিকক সংখ্যা ৪৭৬.৬৭ মিলিয়ন। যাৰ ভিতৰত কৃষি ক্ষেত্ৰত ৪১.১৯% , শিল্প ক্ষেত্ৰত ২৬.১৮% আৰু অন্যান্য ক্ষেত্ৰত মুঠ শ্ৰমশক্তিৰ হাৰ ৩২.৩৩%
সম্প্ৰতি প্ৰকাশিত এটি চৰকাৰী প্ৰতিবেদনত ভাৰতৰ শ্ৰমিকসকলৰ এক ভয়াবহ চিত্ৰ ফুটি উঠিছে। বেছিভাগ শ্ৰমিকৰ দৰমহা ন্যূনতম স্বীকৃত নিয়মৰ আধাৰো কম। ৭১% শ্ৰমিকৰ চাকৰিৰ কোনো লিখিত চুক্তি নাই, ৫৪% বেতনভুক্ত কোনো ছুটি নাপায়, গাঁও অঞ্চলত ৫৭% ৰ বেছি আৰু চহৰ অঞ্চলত প্ৰায় ৮০% শ্ৰমিকে আঠ ঘণ্টাৰ কৰ্মদিৱসৰ ( ৪৮ঘন্টা= এক সপ্তাহ) বেছি সময় ধৰি কাম-কাজ কৰে।
প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে যে, ৫২% ৰ বেছি শ্ৰমিক প্ৰকৃততে ‘স্ব-কৰ্মসংস্থানকাৰী ‘ ; যাৰ অৰ্থ হ’ল তেওঁলোকে কৃষিকাৰ্য অথবা সৰু দোকান বা উদ্যোগ পৰিচালনা কৰে নিজস্ব শ্ৰম দান কৰি অথবা বিভিন্ন পৰিসেৱা প্ৰদানকাৰীৰ মাধ্যমত। প্ৰায় এক-চতুৰ্থাংশ কৰ্মজীৱী মানুহ অস্থায়ী শ্ৰমিক, যিবিলাকে দৈনিক ভিত্তিত কাম আৰু উপাৰ্জন কৰে, য’ত প্ৰায় এক-চতুৰ্থাংশ (২৩%) নিয়মিত মজুৰি আৰু বেতনভোগী কৰ্মচাৰী।
ভাৰতৰ সংবিধানৰ ২৪ অনুচ্ছেদে কল-কাৰখানা, খনি বা জটিল ধৰণৰ কৰ্মক্ষেত্ৰত শিশু শ্ৰমিক নিয়োগ কৰাৰ ওপৰত বাধা আৰোপ কৰা হৈছে। ইণ্ডিয়ান পেনাল কোড ( Indian Penal code), The Juvenile justice ( Care and Protection) of Children act -2000 and The Child Labour ( Protection and Abolition) Act- 1986 মতে শিশু শ্ৰমিক নিয়োগ কৰিলে নিয়োগকাৰী শাস্তি প্ৰদান আৰু শিশু শ্ৰমিক নিয়োগ বন্ধ কৰাৰ আইন কৰা সত্ত্বেও অসংগঠিত আৰু সৰু অনানুষ্ঠানিক কৰ্মক্ষেত্ৰত অসংখ্য শিশু শ্ৰমিকক নিয়োগ কৰা দেখা যায়।
২০১১ চনৰ লোকপিয়ল অনুসৰি শিশু শ্ৰমিকৰ সংখ্যা ১০.০১ মিলিয়ন। তাৰে ল’ৰা শ্ৰমিকৰ সংখ্যা ৫.০৬ মিলিয়ন আৰু ছোৱালী শ্ৰমিক হ’ল ৪.০৫ মিলিয়ন। দাৰিদ্ৰ্য, পঢ়াশলীয়া শিক্ষা লাভ নকৰা, দুৰ্বল শিক্ষাৰ আন্তঃগাথঁনি, অসংগঠিত অৰ্থনীতিৰ বাবেই আমাৰ দেশত শিশু শ্ৰমিকৰ অৱস্থান পৰিলক্ষিত হৈছে।
আমাৰ ভাৰতবৰ্ষ পৃথিবীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ হোৱা সত্ত্বেও ইয়াত শ্ৰমিক সকলে সীমাহীন দুৰ্দশাৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছে। শ্ৰমিকসকলৰ ন্যায্য সা-সুবিধা লাভৰ বাবে প্ৰয়োজন সাপেক্ষে বিভিন্ন ট্ৰেড ইউনিয়নৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ শ্ৰমিক আন্দোলনত অংশ গ্ৰহণ কৰিলেও চৰকাৰৰ প্ৰশাসন যন্ত্ৰৰ দ্বাৰা প্ৰচণ্ড বাধাৰ সন্মুখীন হ’ব লগীয়া হৈছে।
সাধাৰণত ULP উদাহৰণবোৰৰ ভিতৰত আছে : সুৰক্ষিত শ্ৰমিক ইউনিয়নৰ কাৰ্যকৰ্মত অংশগ্ৰহণ কৰাৰ বাবে কৰ্মী সকলৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা, হস্তক্ষেপ কৰা,হুমকি দিয়া বা ভীতি প্ৰদৰ্শন কৰা নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে।
মুঠতে যথেষ্ট নিৰাপত্তাহীনতাৰ মাজেৰে ভাৰতৰ শ্ৰমিকসকলে কালাতিপাত কৰিব লগা হৈছে। ন্যূনতম মজুৰি, চাকৰি কালৰ অনিৰ্দিষ্টতা, সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত, শ্ৰমিক তথা শ্ৰমিকৰ পৰিয়ালক শিক্ষা, স্বাস্থ্য, খাদ্য,বস্ত্ৰ আৰু বাসস্থানৰ কোনো সুবিধা প্ৰদান নকৰা, কোনো বিশেষ ছুটি মঞ্জুৰী নকৰা, উৎসৱ আদিত পৰ্যাপ্ত বোনাচ প্ৰদান নকৰা ইত্যাদিৰ বাবে ভাৰতৰ শ্ৰমিকসকলৰ জীৱনৰ মান যথেষ্ট নিম্ন পৰ্যায়ৰ। বিশেষকৈ কৃষি কাৰ্যৰ লগত জড়িত শ্ৰমিক সকলৰ বেছিভাগেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰে।
গতিকে ভাৰতৰ শ্ৰমিকসকলে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি শ্ৰমিক দিৱস উদযাপনৰ জৰিয়তে শ্ৰমিক ইউনিয়নৰ মাধ্যমত শ্ৰমিক আন্দোলন ত্বৰান্বিত কৰি শ্ৰমিক সকলৰ জীৱনৰ মান উন্নত কৰাৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব নোৱাৰি।