উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। লগতে ২৯ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল ব্যৱহাৰিক পৰীক্ষা সমূহ।বুধবাৰে পুৱা ৯ বজাৰ লগে লগে অসম ৰাজ‍্যিক বিদ‍্যালয় শিক্ষা পৰিষদে কলা, বিজ্ঞান, বাণিজ্য আৰু ভোকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ২০২৫ৰ ফলাফল ৱেবছাইটযোগে ঘোষণা কৰিছে ৷ মুঠ ১২টাকৈ ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩,০২,৪২০ গৰাকী ছাত্ৰ-ছাত্ৰী। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ। কলা শাখাত মুঠ অৱতীৰ্ণ হৈছিল ২,২৬,৭৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী।  ইয়াৰে মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৮৩,৭৪৫ গৰাকী।প্ৰথম বিভাগত ৪৯,৫৭৭ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮০,৬৫০ গৰাকী ৷ আনহাতে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৩,৫১৮ গৰাকী ৷ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ। বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ হৈছিল ৫৬,৯০৯ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে মুঠ উত্তীৰ্ণৰ সংখ্যা ৪৮,৩০৯ গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৫,৮২৭ গৰাকী আনহাতে দ্বিতীয় বিভাগত হৈছে ১৯,২৮৬ গৰাকী আৰু তৃতীয় বিভাগত উত্তীর্ণ হৈছে ৩,১৯৬ গৰাকী।বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ। বাণিজ্য শাখাত মুঠ অৱতীৰ্ণ হৈছিল ১৭,৭৪৬ গৰাকী। ইয়াৰে মুঠ উত্তীৰ্ণৰ সংখ্যা ১৪,৫৮৪ গৰাকী। বাণিজ্য শাখাত প্রথম বিভাগত উত্তীর্ণ হৈছে ৬,৫১৯ গৰাকী শিক্ষাৰ্থী। দ্বিতীয় বিভাগত ৫,৭৬০ গৰাকী আৰু তৃতীয় বিভাগত ২,৩০৫ গৰাকী শিক্ষাৰ্থী উত্তীর্ণ হৈছে।  বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ। ১,২০২ গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৮০২ গৰাকী পৰীক্ষাৰ্থী।বৃত্তিমূলক  শাখাত প্ৰথম বিভাগ  উত্তীৰ্ণ হৈছে ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী।কলা শাখাৰ শীৰ্ষত আছে বাক্সা জিলা। বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২১ শতাংশ।  বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা।  পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমৰা।  দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।  বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী, শ্রীভূমি জিলা কেউখন জিলাৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।