পহলগামৰ উচুপনি – ৰামেশ্বৰ নাথ

পহলগামৰ উচুপনি 
ৰামেশ্বৰ নাথ ,গহিয়া,বৰপেটা
হেৰৌ ৰজাঘৰীয়া নেতা পালি নেতা
আৱেগ আৰু সহানুভূতিক
আশ্ৰয় দি কিমান আৰু
মৃত্যুৰ বিভীষিকা উপভোগ কৰিবি ।
অমানৱীয়তাৰ কুটিল হাঁহি
নিমিষতে কাঢ়ি লৈ গ’ল
সহস্ৰ জনৰ জীৱনৰ ছন্দ ।
ভাষাহীন সমবেদনা,
ৰঙীন কপাল উকা হোৱাৰ
বাস্তৱ সত্য অগ্ৰহনীয় ।
ৰক্তাক্ত পহলগামত
আজি কাৰ উচুপনি
চৌদিশে সহস্ৰ জনৰ আৰ্তনাদ
কেঁচা তেজৰ ফাকু ,
দম হৈ পৰি ৰৈছে
নিঠৰ হৈ ৰোৱা
এজাক নিৰীহ মানুহৰ কায়া ।
কিছু নিষ্ঠুৰ সন্ত্ৰাসী
নিৰীহৰ তেজেৰে লিখি থৈ গ’ল
ইতিহাসৰ পৃষ্ঠাত পহলগামৰ কথা ।
ইতিহাসে আজি উচুপিছে
নিৰীহৰ তেজেৰে নিজৰ বুকু
ৰক্তাক্ত হোৱাৰ বেজাৰতে ।