তই দিয়া চেনেহ
মেৰী বৰদলৈ,নগাঁও
তই দিয়া
চেনেহৰ টোপোলাটো
আজিও
আটোমটোকাৰীকৈ
সামৰি ৰাখিছোঁ
মন গ’লেই
খুলি চাওঁ
যদি মলঙি যায়
উৱলি যাবলৈ
দিয়া নাই
মুঠেও
কলিজাৰ এটুকুৰা
ঠাইত
ৰাখিছোঁ ওলোমাই
ব’হাগ আহিলেই
সুবাস বিয়পে
চেনেহবোৰ
প্ৰাণৱন্ত হৈ উঠে
তই জাননে চেনাই
তই দিয়া চেনেহবোৰে
কাজলীপাতি ধৰে
আইৰ বুকুৰ
উদাস বোৰ
তই বেজাৰ নকৰিবি
দেই
তই দিয়া চেনেহবোৰ
আছে
আটোমটোকাৰীকৈ
মন গ’লেই
কথা পাতে সখীৰ সৈতে
নাচে কিৰিলি পাৰি
মাতে
তই দিয়া চেনেহবোৰে…