এগৰাকী নাৰী আৰু সেন্দুৰ – নমিতা দাস

এগৰাকী নাৰী আৰু সেন্দুৰ

নমিতা দাস,শুৱালকুছি শান্তিতোল

এজনী ছোৱালীয়ে জীৱনৰ কেবাটাও স্তৰ অতিক্ৰম কৰাৰ পিছত বিয়াত বহিবলৈ উপযুক্ত হয়। বিয়াৰ পিছত এগৰাকী নাৰীয়ে পূৰ্ণতা লাভ কৰে হিন্দু সমাজত বিয়াৰ মুল অলঙ্কাৰ হৈছে সেন্দুৰ। সেন্দুৰ প্ৰাপ্তিয়ে মহিলা গৰাকীৰ পূৰ্ণতা আনে । সেন্দুৰ হৈছে বিবাহিতা নাৰীৰ এক আপূৰুগীয়া সম্পদ ।এই সম্পদ অবিহনে যেন নাৰী গৰাকী আধৰুৱা হৈ ৰ’য়। সেন্দুৰ হৈছে এগৰাকী নাৰীৰ সন্মান, মৰম আৰু সাহসিকতাৰ প্ৰতিক ।

সেন্দুৰ আৰু এগৰাকী বিবাহিতা নাৰী এটা মুদ্ৰাৰ ইপিঠি -সিপিঠি । গতিকে হৃদয়ৰ সমষ্ট মৰম শ্ৰদ্ধা আৰু প্ৰেমেৰে আঁকোৱালী লয় সেন্দুৰ খিনি দেহৰ শীৰ্ষ স্থানত জিলিকাই ৰাখে। এই সৌন্দৰ্যই নাৰী গৰাকীৰ শিৰ উজ্বলাই । প্ৰত্যক গৰাকী নাৰীয়ে সেন্দুৰ খিনিৰ যিমান কষ্ট সহ্য কৰি হ’লেও হৃদয়ৰ নিভৃত কোনৰ পৰা যিমান কষ্ট ধৰ্য্য আৰু সহ্য সাহসেৰে নিজৰ সেন্দুৰৰ মৰ্য্যদা ৰাখে । আচলতে নাৰী সকলে নিজৰ কৰ্তব্য আৰু দায়িত্ব বুলি গণ্য কৰে ।

শিৰৰ সেন্দুৰে কঢ়িয়াই আনে এগৰাকী নাৰী আৰু এজন পুৰুষৰ মিলনৰ সেতু হিন্দু সকলে বিশ্বাস কৰে সতোতা জন্ম ধৰি দুয়ো গৰাকী এক লগ লৈ এই মিলনৰ সেতু অতিক্ৰম কৰে । এক অভিন্ন ভাষাৰে বুজাব নোৱাৰা বন্ধন ।দুখন হিয়া এক হৈ সামাজিক বান্ধোনেৰে বান্ধ খাই পৰে এহাল যুৱক যুৱতী, তেওঁলোকে এজনে আনজনৰ নিৰব ভাষা বুজি উঠে , হৃদয়ৰ স্পন্দনত অনুভৱ কৰে দুয়োগৰাকীৰ হাঁহি,কান্দোন আৰু বেথা । সমাজত এই সেন্দুৰে চিনাকী কৰাই দিয়ে পতি -পত্নী ৰূপে । বিবাহৰ আগলৈ যি গৰাকী লৰা ছোৱালী একলগ হ’লেই সমাজে অন্য দৃষ্টি নিক্ষেপ কৰে , সেই একেখন সমাজে একে দুগৰাকী মানুহক সন্মানীয় কৰি তোলে সেন্দুৰৰ জৰিয়তে।