কুলিৰ মাতত ব’হাগ আহে – ইভা গন্ধীয়া ফুকন 

PC - eBird

কুলিৰ মাতত ব’হাগ আহে

 ইভা গন্ধীয়া ফুকন 

কুলিৰ মাতত ব’হাগ আহে
ঢোলৰ মাতত আহে বিহু
তাঁতশালত দোপতি নাচে
গৰকাত নাচে ভৰি
তোৰে কথা ভাৱি ঘনে ঘনে মাকো সৰে
ঢোল পেঁপাৰ মাতে নচোৱাই চিত
বহাগ বিহু অতি আদৰৰ
অতি চেনেহৰ বিহুৱান
বহাগ আহে আৰু যায়
তোৰহে বাতৰি পাবলৈ নাই
চেনেহৰ বিহুৱান জাপতে থাকি যায়
ব’হাগে সজায় ধৰণী
পাতে ফুলে জাতিষ্কাৰ
সুগোন্ধত আমোলমোল চৌদিশ
কুলি কেতেকীৰ মাতত
দুভাগ ৰাতিও মন হয় পুলকিত
জেংবিহু,হুঁচৰি, বিহুৱা -বিহুৱতীৰে
মঞ্চ হয় শুৱনি
যদিও হয় কৃষি ভিত্তিক উৎসৱ ৰঙালী
কৃষকে পথাৰখনিলৈ দিয়ে পিঠি
বাটে পোৱালি দিয়া পথাখনি
ব’হাগৰ ন পানীৰে ধুৱাই
নাঙল যুঁৱলিৰে গৰুহাল আহিব বুলি
গোহালিৰ গৰুহাল বেচিলে টকাৰ লোভত
নাঙল যুঁৱলিও থলে সামৰি
চৰকাৰৰ চাওলেৰে চলিছে পৰিয়ালটি
খেতিয়কৰ নাই খদমদমনি
সঁচ কঠিয়া লোৱা ধান টোমোৱা আদিবোৰ
ধোঁৱা চাঙত উঠিল
সময়বোৰ সলনি হৈছে
শিপা এৰি ডাল পাতত ধৰিছে
আধুনিকতাৰ প্ৰকোপত
অতীত সুভাস গৈছে আঁতৰি
বিহু নামবোৰ বিহু গীত হৈ দুপৰ নিশা বাজিছে।