প্ৰভু – বাহাৰুল ইছলাম

প্ৰভু

বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও

অগাধ বিশ্বাস তোমাৰ প্ৰতি প্ৰভুহে
অগিয়ান আমি নৰ,
সৰ্বজ্ঞাতা, সৰ্বশ্ৰুতা মহান তুমি
তুমিয়েই সবাতোকৈ বৰ।
নিৰ্বলী,নিৰুপায়, সৰ্বহাৰা প্ৰতিনিত
কৰুণা আমাক কৰা,
হাবুডুবু কৰিছোঁ ৰিপুৰ কবলত পৰি
চাহিদাৰে জীৱন ভৰা।
লোভ-লালসাত নিমজ্জিত আমি
ফুৰিছোঁ ভ্ৰমি জগতত,
অকৃতজ্ঞহৈ জিৰাইছোঁ আমি সৱে
অতৃপ্ত মায়া বজাৰত।
প্ৰবৃত্তিৰ ছত্ৰছায়াত কৰিছোঁ লংঘন
তোমাৰ নিভাঁজ বিধান,
অন্ধকাৰৰ  বিভীষিকাত উমি উমি জ্বলিছোঁ
নকৰিবা আমাক নিদান।
আউল-বাউল দি পাৰ কৰিছোঁ আমি
জীৱনৰ অমূল্য ক্ষণ,
বিচাৰি সুখৰ নৈ  ইকুল-সিকুল কৈ
সৰ্বদা মচগুল তনু-মন।
অমানুহৰ মালাখনি গুচাই দি
শুদ্ধিবলৈ শিকোৱা,
শান্তিৰ বসুন্ধৰা গঢ়িবলৈ  মাথোঁ
তুমি  সুমতি দিয়া।