গৌতম গম্ভীৰলৈ মৃত্যুৰ ভাবুকি

গৌতম গম্ভীৰলৈ মৃত্যুৰ ভাবুকি

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি জেহাদী সংগঠনৰ। পেহেলগামৰ আক্ৰমণৰ দিনাই ই-মেইলযোগে গৌতম গম্ভীৰক সন্ত্রাসবাদী সংগঠন আইছিছ কাশ্মীৰে মৃত্যুৰ ভাবুকি দিছে। ২২ এপ্রিলত আইছিছ কাশ্মীৰৰ পৰা দুটাকৈ ই-মেইলেৰে মৃত্যুৰ ভাবুকি পোৱাৰ পিছত গৌতম গম্ভীৰে দিল্লী আৰক্ষীক অভিযোগ দাখিল কৰিছে। ইতিমধ্যে গোচৰ ৰুজু কৰি দিল্লী আৰক্ষীয়ে গৌতম গম্ভীৰৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰ ভাষাৰে নিন্দা জনোৱা ক্রিকেট দলৰ মুখ্য প্রশিক্ষক গম্ভীৰক ই-মেইলযোগে জেহাদী সংগঠনটোৱে ভাবুকি দিয়া বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছে দিল্লী আৰক্ষীয়ে। গম্ভীৰৰ লগতে তেওঁৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষীক অৱগত কৰোৱাৰ পিছতে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।