পাঠশালাত অসম সাহিত্য সভাৰ উপসভাপতি-প্ৰধান সম্পাদক
সাহিত্যালোচনা অনুষ্ঠান
পাঠশালা অধিৱেশনে সাহিত্য সভাৰ প্ৰাসংগিকতা পুনৰ দাঙি ধৰিলেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা
বজালী-বৰপেটাত সাহিত্য সভাৰ ধ্বজা সগৌৰৱেৰে উৰি থাককঃ উপসভাপতি পদুম ৰাজখোৱা
ৰঙিলী বাৰ্ত্তাসেৱা- পাঠশালা অধিৱেশনে সাহিত্য সভাৰ প্ৰাসংগিকতা পুনৰ দাঙি ধৰিলে, অসমৰ ইতিহাসত পাঠশালা অধিৱেশনৰ সফলতা সোণালী আখৰেৰে খোদিত হৈ থাকিব। অলপতে নৱগঠিত বজালী জিলা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত সাহিত্যালোচনা শীৰ্ষক মন জুৰুৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়। পাঠশালা সাহিত্য সভাৰ ভৱনত জিলা সভাপতি গিৰিধৰ চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি দীঘলীয়া ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ বজালী-বৰপেটাত সাহিত্য সভাৰ ধ্বজা চিৰদিনৰ বাবে সগৌৰৱেৰে উৰি থকাৰ কামনা-আহ্বান জনায়। অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মা, লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বিপুল শৰ্মা বৰুৱা, চৰ-চাপৰি ভাষা বিকাশ উপ সমিতিৰ আহ্বায়ক ডা০ আব্দুল কুদ্দুছ শিকদাৰ, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল গোস্বামী, সাহিত্য সংগঠক বৰুণ দাস, সাহিত্যিক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, গোবিন্দ তালুকদাৰ, কণিকা চৌধুৰী, মৃগেন পাটগিৰী প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক অতুল কলিতাৰ তত্বাৱধানত স্মাৰক, চেলেং চাদৰ, গামোচা, জাপিৰে কেন্দ্ৰীয় নেতৃত্ব আৰু বিষয়ববীয়াসকলক বহুসংখ্যক দল-সংগঠন-ব্যক্তি বিশেষে আদৰণী জনায়।