ইংলেণ্ডৰ নিউকাছলত ৰঙালী বিহু উদযাপন: অনুষ্ঠানত মৃণালিনী দেৱী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিহু অসমীয়াৰ হৃদয়ত চিৰপ্ৰৱাহমান। তাকেই প্রমাণিত কৰি সাত সাগৰ তেৰ নদীৰ পাৰ হৈ বিদেশত থকা অসমীয়াই ৰঙালী বিহু উদযাপন কৰিছে। ইংলেণ্ডৰ নিউকাছল চহৰত থকা বাসিন্দাসকলে ২০ এপ্ৰিলত ৰঙালী বিহু উদযাপন কৰে। জনস্পেনছ কমিউনিটি হাইস্কুলৰ ড্রামা গৃহত আয়োজিত অনুষ্ঠানটো বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। তেওঁ ঘোষা পাঠৰ পিছতেই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে আৰম্ভ হয়। মূলতঃ আন আন জনগোষ্ঠীৰ সৈতে সেতু গঢ়াৰ লক্ষ্যৰে আয়োজিত ৰঙালী বিহুৰ বিশেষ আছিল অসমৰ চলচ্চিত্র প্রযোজক অৰুণজিৎ বৰাৰ ‘গুডবাই গুৰুজী’ৰ বিশেষ স্ক্রীনিং অনুষ্ঠান। মন কৰিবলগীয়া যে, এই চিনেমাখন উপভোগ কৰিবলৈ ফ্ৰান্সৰ পৰাও অতিথি আহিছিল। চিনেমাখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰা পাৰ্থপ্রতীম হাজৰিকাৰ শাহুৱেক মেৰী ফ্ৰান্সৰ পৰা আহি ছবিখন উপভোগ কৰে। অনুষ্ঠানটোৰ বিশেষ অতিথি হিচাপে উপস্থিত আছিল ইংলেণ্ডৰ টিম মেৰণ আৰু ডেৱা মেৰণ। ছবিখনে সকলো দর্শকক মন্ত্রমুগ্ধ কৰি তোলাৰ পাছত আৰু কেইবাটাও আকর্ষণীয় অনুষ্ঠান অনুষ্ঠিত হয়। বাঙালী মহিলা কৰবী চৌধুৰীয়ে জুবিনৰ বিহু গীতৰ তালে তালে নাচিলে। এই অনুষ্ঠানটিৰ সৈতে কেইবাগৰাকী কণমানি জড়িত হৈছিল। যিহেতু বিহুৰ সৈতে পঞ্জাৱৰ বৈশাখীৰো এক সম্পর্ক আছে। সেয়েহে উক্ত অনুষ্ঠানতে বৃন্দা বৰা নামৰ কণমানিয়ে ভাংৰা নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পিছতেই পাঁচবছৰীয়া টিয়ানাই বিহুনাচ প্রদর্শন কৰে। চৈধ্যবছৰীয়া নিয়ৰে বাঁহী বজোৱাৰ লগতে আৰুশে পিয়ানোত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ লহৰ তোলে। সমগ্র সাংস্কৃতিক অনুষ্ঠানটোৰ মূল পৰিকল্পনা আছিল ডাঃ ভাস্কৰ দত্তৰ। সেই অনুসৰি এটাৰ পাছত এটাকৈ গীত পৰিৱেশন কৰি বিভিন্নজনে অনুষ্ঠানটো জীপাল কৰি তোলে। ইয়াৰ ভিতৰত তামালী চক্রতীয়ে বাংলা গীত, প্রার্থনাই বিহুনাচ, আন এজন বাঙালী নাগৰিক বিশ্বজিৎ চক্ৰৱতীয়ে চাৰিটাকৈ বিহুগীত গাই সকলোকে মন্ত্রমুগ্ধ কৰে। বিশেষকৈ মাৰাঠী দম্পত্তি ডাঃ সঞ্জয় আৰু ডাঃ সবিতাই ফুল ফুলিছে বসন্ত’ পৰিৱেশন কৰি অনুষ্ঠানটো সোণত সুৱগা চ’ৰা কৰি তোলে। অনুষ্ঠানটোৰ আটাইতকৈ ভাল লগা দিশটো আছিল স্কটলেণ্ডৰ চিকিৎসক ডাঃ ক্রেইগ নানে পৰিৱেশন কৰা সেই আপুৰুগীয়া অসমীয়া গীতটো। সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটো তেওঁ পৰিৱেশন কৰাৰ লগতে ইয়াৰ তাৎপর্য দাঙি ধৰি অনুষ্ঠানটো গান্তৰ্যপূৰ্ণ কৰি তোলে। আনহাতে ডাঃ ভাস্কৰ দত্তই দ্বীপেন বৰুৱাৰ ‘গা গা আজি গাই যা’ -শীৰ্ষক গীতটো পৰিৱেশন কৰে। তেওঁৰ গীতৰ তালে তালে নৃত্য পৰিৱেশন কৰে সহধর্মিনী পল্লবী ভূঞাকে ধৰি সমূহ দর্শকে। সকলোৱে তেওঁৰ যাদুকৰী সুৰত মুগ্ধ হৈ পৰে। অম্লান বৰা, ত্রিবেণী বৰা, পল্লৱী ভূঞা, অৰুনাভ চক্রৱৰ্তী, কল্পশ্রী ভৌমিক, ডাঃ অনিল মেধি, ডাঃ জয়ন্ত বিজয়শর্মা, ইলোৰা মেধি, নিলম মেধি, ডাঃ ঋতুপর্ণা ভট্টাচাৰ্য আৰু ডাঃ ভাস্কৰ দত্তৰ সামূহিক প্রচেষ্টাত আয়োজিত অনুষ্ঠানত ফ্ৰান্সৰ পৰা অহা অতিথি মেৰী আৰু চলচিত্র প্রযোজক, ডিব্ৰুগড়ৰ সন্তান অৰুণজিৎ বৰাক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰে। এইবাৰ অনুষ্ঠানলৈ বিশিষ্ট খোলবাদক গুৱাহাটীৰ অৰুনাভজ্যোতি মালাকাৰক আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁৰ এটি খোলবাদনৰ ভিডিঅ’ অনুষ্ঠানটোত উপভোগ কৰে। ইয়াৰ লগতে অৰুনাভ মালাকাৰৰ শিষ্য ডাঃ ভাস্কৰ দত্তই ধৰমযতি তাল বজাই ৰাইজক ইয়াৰ আভাস দিয়ে।