ৰঙালীৰ সাহিত্য মেলা অকচ আৰু অগচৰ গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠৰ অনুষ্ঠান
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- ২০-০৪-২০২৫ ইং তাৰিখ ৰবিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনন্দ প্ৰকাশৰ উদ্যোগত ৰঙালীৰ সাহিত্য মেলা অনুষ্ঠিত হয়, উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি “অসমীয়া সাহিত্য চৰ্চা”(অকচ) আৰু অসমীয়া গদ্য চৰ্চা (অগচ) দুটা সামাজিক মাধ্যমৰ গ্ৰুপৰ গ্ৰন্থ উন্মোচনী আৰু কবিতা পাঠ অনুস্থান অনুষ্ঠিত হয়। এই অনুস্থাটোৰ সৈতে বিশেষ ভাৱে জড়িত থাকে আনন্দ প্ৰকাশনৰ স্বত্বাধিকাৰী আমিনুৰ ৰহমান গ্ৰুপট দুটাৰ মুখ্য প্ৰশাসক। বিগত বৰ্ষ বোৰত ন-পুৰণি লেখক -লেখিকাৰ বিভিন্ন গ্ৰন্থ চপা কৰি উলিয়াই সাহিত্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে । তেখেতে নিজেও এগৰাকী ভাল লেখক বহুত কেইখন গ্ৰন্থ পাঠক সমাজলৈ আগবঢ়াইছে। এইবেলিও লেখিকা সীতা সিংহৰ “তোমাৰ সুবাস বিচাৰি ” লেখিকা কনকলতা কে বৰ্মনৰ ” জানাইতো মই সূৰুযৰ কান্দোন সহিব নোৱাৰোঁ” লেখিকা প্ৰতিভা ডেকাৰ “এমুঠি লতিফা আৰু কিছু কথা” আৰু “এখনি নিৰ্বোধ নৈ”লেখিকা ডাঃচফিকা আলেমা “এজাক সপোনৰ বৰষুণ “লেখক আউয়াল মজিদৰ “হৃদয়ৰ স্পন্দন “লেখিকা পুষ্পাঞ্জলী দেৱীৰ “ৰতোৱাল” লেখিকা সোণতৰা দেৱীৰ” ছবিয়ে কথাকয়” লেখিকা প্ৰণমিতা চক্ৰৱৰ্তীৰ “নিৰ্মুক্ত বিশ্লেষণ ” লেখক আনোৱাৰ হুছেইন “এন্ধাৰৰ পৰা পোহৰৰ পথত” আদি বহুত কেইখন গ্ৰন্থ উন্মোচিত হয়। অকণমান ব্যতিক্ৰম আছিল উন্মোচন অনুষ্ঠান ।সচৰাচৰ প্ৰেছ ক্লাৱত বা বিভিন্ন ঠাইত গ্ৰন্থ উন্মোচন বিশিষ্ট ব্যক্তি সকলৰ হাতেৰে কৰে কিন্তু সিদিনা তাত উপস্থিত গ্ৰুপটোৰ প্ৰতিজন সদস্য /পাঠক /লেখক/মডাৰেটৰ সকলৰ হাতেৰে উন্মোচন কৰিছে অভিভূত হ’লোঁ। গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ কৰা ব্যক্তিসকলক এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।