ৰঙিয়াত অসম সাহিত্য সভাৰ সভাপতি-প্ৰধান সম্পাদকক বিপুল আদৰণী

ৰঙিয়াত অসম সাহিত্য সভাৰ সভাপতি-প্ৰধান সম্পাদকক বিপুল আদৰণী
সাহিত্য-আলচ সম্পন্ন
আমাৰ প্ৰাণ স্পন্দন অসম সাহিত্য সভা প্ৰতিজন অসমীয়াৰ স্বাভিমানলৈ পৰিণত হওকঃ ড০ বসন্ত কুমাৰ গোস্বামী

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধনৰ সেৱাত ব্ৰতী প্ৰতিজন ব্যক্তিক অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছো। আমাৰ প্ৰাণ স্পন্দন অসম সাহিত্য সভা প্ৰতিজন অসমীয়াৰ স্বাভিমানলৈ পৰিণত হওক। ১৮ এপ্ৰিলত কামৰূপৰ ৰঙিয়াত অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ বিশেষ আদৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ পাঠকে আঁত ধৰা ‘সাহিত্য-আলচ’ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু উপসভাপতি পদুম ৰাজখোৱাই সাহিত্য অনুৰক্তসকলৰ আদৰণী গ্ৰহণ কৰি সমগ্ৰ অসমৰ লগতে কামৰূপতো অসম সাহিত্য সভাৰ ব্যাপক প্ৰসাৰৰ অৰ্থে অধিক শাখা সাহিত্য সভা গঠনৰ পোষকতা কৰে। অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ শৰ্মা, অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, স্বজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক ৰমেন ভৰালী, কেন্দ্ৰীয় কাৰ্যালয়ৰ সচিব অশোক সেনাপতি, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, প্ৰাক্তন বিষয়ববীয়া হেমন্ত কলিতা, ববিতা তালুকদাৰ পাঠক, প্ৰফুল্ল ভূঞা, পংকজ কুমাৰ শৰ্মা, ৰঙিয়া শাখা সাহিত্য সভা প্ৰমুখ্যে কেইবাখনো শাখা সাহিত্য সভাৰ বিষয়ববীয়াই কেন্দ্ৰীয় নেতৃত্বক আদৰণী জনাই সাহিত্য আলচত অংশগ্ৰহণ কৰে।