পত্নীয়ে হত্যা কৰিছিল ডিজিপিৰ ওম প্ৰকাশক

পত্নীয়ে হত্যা কৰিছিল ডিজিপিৰ ওম প্ৰকাশক

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি ওম প্ৰকাশৰ নিজ বাসগৃহতে হোৱা হত্যাকাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰহস্যজনক হত্যাকাণ্ড বুলি চর্চিত প্রাক্তন ডিজিপি ওম প্রকাশে বাসগৃহত আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে পত্নীয়ে ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। স্বয়ং পত্নীয়েই স্বামী ওম প্রকাশক হত্যা কৰা বুলি ভিডিঅ’ কলযোগে বান্ধৱীক অৱগত কৰিছিল। এনেদৰে কেইবাটাও হোৱাটছএপ মেছেজত দানৱক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। এই হত্যাকাণ্ডক লৈ সম্প্রতি বেংগালুৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তথ্য মতে, নৈশ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে কিবা কথাত তর্ক-বিতর্ক সৃষ্টি হোৱাৰ পাছত পত্নীয়ে ছুৰীৰে ওম প্রকাশক আঘাত কৰে। ফলত ওম প্ৰকাশৰ থিতাতে মৃত্যু ঘটে। ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ পাছত ওম প্রকাশৰ পত্নীক দম্পতীৰ কন্যাই নিজৰ কোঠাত বন্ধ কৰি ৰাখে। আৰক্ষীক খবৰ দিয়াৰ পাছত হত্যাকাৰী পত্নীক আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি আটক কৰে। আৰক্ষীয়ে দুখন ছুৰী উদ্ধাৰ কৰিছে। প্ৰাৰম্ভিক তথ্য মতে পত্নী আৰু কন্যাই মিলি ওম প্রকাশক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। সূত্ৰই প্ৰকাশ কৰা মতে হত্যাকাৰী পত্নী পল্লৱী মানসিক ৰোগত আক্রান্ত।