সদ্য ঘোষিত ২০২৫ চনৰ মেট্ৰিক পৰীক্ষাৰ  শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱাই বাৰু কি সূচায় ? – নাছিৰ আহমেদ

সদ্য ঘোষিত ২০২৫ চনৰ মেট্ৰিক পৰীক্ষাৰ  শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱাই বাৰু কি সূচায় ?

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে  অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) উত্তীৰ্ণৰ হাৰ হৈছে ৬৩. ৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪,২২,৭৩৭ গৰাকী শিক্ষাৰ্থী। তাৰ ভিতৰত ২,৭০,৪৭১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আনহাতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ। ” বেটি বছাও,বেটি পঢ়াও” শ্লোগানেৰে বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে ছাত্ৰীসকলক নানা সা-সুবিধা প্ৰদান কৰা সত্ত্বেও অইন অইন বছৰতকৈ এই বছৰ ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬.৫০ শতাংশ কম পৰিলক্ষিত হৈছে। ইয়াৰ পৰাই সুনিশ্চিত হ’ব পাৰি যে, চৰকাৰে সঘনাই ঘোষণা কৰা অভিলাষী আঁচনিসমূহ এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ ছাত্ৰীসকলক স্পৰ্শ কৰিব পৰা নাই।

মুঠতে, চৰকাৰে যিমানেই ঢাক ঢোল নবজাওক কিয়, এতিয়াও অসমৰ শিক্ষা ক্ষেত্ৰখনত একো নতুনত্ব বা পৰিৱৰ্তন সাধন হোৱা নাই। আগৰ দৰেই উজনি অসমৰ জিলাসমূহত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ক্ৰমে উৰ্ধগামী হৈ আছে। জিলা হিচাপে প্ৰথম স্থান অধিকাৰ কৰিছে শিৱসাগৰ জিলা, উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ। দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা , উত্তীৰ্ণৰ হাৰ ৮১.১০ শতাংশ, তৃতীয় স্থান লাভ কৰিছে ধেমাজি জিলা , উত্তীৰ্ণৰ হাৰ ৮০.৬৪ শতাংশ। আনহাতে নামনি অসমৰ কেৱল কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰো  আৰু চিৰাং জিলাৰ বাহিৰে গোৱালপাৰা, বৰপেটা, ধুবুৰী, আৰু বৰাক উপত্যকাকে আদি কৰি বেছিভাগ জিলাৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে।  বিশেষকৈ নতুনকৈ নামকৰণ কৰা শ্ৰীভূমিৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ ৪৭.৯৬ শতাংশই সকলো শিক্ষিত সমাজৰ মাজত হতাশা কঢ়িয়াই আনিছে। গুণগত দিশত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা অনুধাৱন কৰিলেও আমি দেখিবলৈ পাওঁ যে,প্ৰথম বিভাগত উত্তীৰ্ণ ৮৯,০৪১গৰাকী,ডিষ্টিংশ্যন পাইছে ৫,৩৩৬ গৰাকীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৬,৫১৭ গৰাকীয়ে, লেটাৰ মাৰ্কছ পাইছে ১ লাখ ৬৮ হাজাৰ ৩১২ গৰাকীয়ে।  ২,৭০,৪৭১ গৰাকী উত্তীৰ্ণ শিক্ষাৰ্থীৰ ভিতৰত গুণগত ভাৱে উন্নত ফলাফল লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যাও খুবেই আশাব্যঞ্জক বুলি কব নোৱাৰি।

জিলা ভিত্তিত উজনি অসমৰ জিলাসমূহৰ শিক্ষাৰ্থীসকলৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ  উৰ্ধগামী হোৱাৰ দৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই সৰ্বমুঠ ৫৯১( ৯৮.০৫%) নম্বৰ পাই সৰ্বোচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে। একেখন বিদ্যালয়ৰ পৰাই অনিৰ্বাণ বৰগোহাঁইয়ে ৫৮৯ নম্বৰ ( ৯৮.১৭%) লাভ কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল নামনি অসমৰ গুৱাহাটী মেট্ৰোৰ নুনমাটি জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তৰ্ষ বৰদলৈয়ে ৫৯০ নম্বৰ ( ৯৮.৩৩%) পাই দ্বিতীয় স্থান লাভ কৰিছে।

এইখিনিতে উনিকিয়াব পাৰি যে, আমাৰ ৰাজ্যিক চৰকাৰে চৰকাৰী বিদ্যালয়ৰসমূহৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে  সৰ্বশিক্ষাৰ জৰিয়তে গুণোৎসৱকে আদি কৰি বিভিন্ন ধৰণৰ আঁচনি কাৰ্যকৰী কৰাৰ বাবে উঠি পৰি লগা সত্ত্বেও এই বছৰো মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ হাৰ চৰকাৰী বিদ্যালয়সমূহৰ তুলনাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ অধিক হোৱাৰ উপৰিও বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে সৰ্বোচ্চ স্থান দখল কৰি উজলি উঠিছে।

ইয়াৰ পৰাই বুজিব পাৰি যে, অসম চৰকাৰৰ শিক্ষানীতিত নানা ত্ৰুটি আছে বা চৰকাৰী আঁচনিসমূহ সঠিক ভাৱে কাৰ্যকৰী নহয়।

এইবাৰৰ পিছত মেট্ৰিক চূড়ান্ত পৰীক্ষা নাথাকিব বুলি বাৰে বাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰাৰ বাবেও এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে যেন লাগে। কাৰণ, ২০২৪ চনৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল ৭৫.৭০ শতাংশ। এই বছৰৰ তুলনাত প্ৰায় ১২ শতাংশ বেছি। এখন ৰাজ্যৰ শিক্ষাখণ্ডত এয়া এক ক্ৰমে অধঃপতিত হোৱাৰ লক্ষণ দেখা গৈছে।

এনে বেয়া পৰিস্থিতিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ যথেষ্ট কৰণীয় আছে। তেওঁলোকে ৰাজ্যৰ শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে নানা পৰিকল্পনা হাতত লোৱা উচিত। অথচ, দেখা গৈছে যে, সাংবাদিক সকলে সৰ্বোচ্চ স্থান লাভ কৰা শিক্ষাৰ্থীসকলৰ ঘনাই ঘনাই সাক্ষাৎকাৰ গ্ৰহণ কৰি অনুত্তীৰ্ণ হোৱা বা কম নম্বৰ পোৱা শিক্ষাৰ্থীসকলক মানসিক নিৰ্যাতন চলাই থকা যেন লাগিছে।

এই বিষয়ে সাংবাদিককে আদি কৰি ৰাজ্যৰ সকলো চিন্তাশীল পুৰোধা ব্যক্তি সকলে আগবাঢ়ি আহি আমাৰ অধঃপতিত হোৱা শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ আগবাঢ়ি অহা উচিত।