শব্দহীন অনুভৱৰ মায়াজাল
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
কিমান অপূৰ্ব এই অনুভৱ ;
কাৰোবাক নিজৰ মৰমৰ আকৰ্ষণত
আবদ্ধ কৰা,
যেন বিখণ্ডিত জ্যোতিয়ে
আকাশৰ আদৰণি লাভ কৰা।
কিমান মোহনীয় সেই মুহূৰ্ত,,,
অপহৃত এটি দৃষ্টি হৃদয়লৈকে
প্ৰৱাহিত হোৱা।
কেতিয়াবা গুপ্ত দৃষ্টি নিক্ষেপ,
কেতিয়াবা মাত্ৰ অনুভূতিৰে উপলব্ধি।
কেতিয়াবা দুৰত্বত লুকাই
হাঁহিৰ কোমলতা বিস্তাৰ,
যেন এটি গুপ্ত গাঁঠি,
কেৱল নেত্ৰজ্যোতিত
লিখিত হৈ থকা।