সমন্বয়
মঞ্জু কাকতি,শুৱালকুছি
পৰিৱৰ্তিত ঋতুৰ পাকঘুৰণিত
কুলিৰ সুলোলিত কণ্ঠত
নাহৰ- কপৌৰ সুগন্ধিৰ সুবাসত
বতৰা আহিল বসন্তৰ আগমন
তাতশালত জিলিকিছে ফুলামকৈ গামোচা
শ্রদ্ধা আৰু মৰমৰ প্রতীক
চেনাইলৈ বুলি প্রেমৰ চানকি
শিপিনীৰ সুকুমাৰ কলাত বিহুটি
ঢোল-পেঁপা -গগণাৰ সুৰত
আকাশে চিকমিকাব আৰু বতাহেও নাচিব
কমোৱা তুলাৰ সংগে সংগে
গাভৰু ব’হাগী নাচিব বিহুগীতৰ তালে তালে
উৰুখা পঁজাৰ শিতানতো
সাতো বিহুৰ সাতো কলিজাই
সুৰীয়া সুৰেৰেই হাঁহি থাকিব
যুগান্তৰে জীয়াই ৰখা অসমীয়াৰ ওঁঠত
একাজলি ৰ’দ কাচলি জিলিকিব
ব’হাগ আমাৰ প্রাণৰ
বিহু আমাৰ হেঁপাহৰ
গামোচা আমাৰ স্বভিমান
সংস্কৃতি, পৰম্পৰা আমাৰ ঐতিহ্যৰ বল
সভ্যতাৰ জাতীয় কৃষ্টিত
সমন্বয়ৰে গঢ়িলে বাপতি সাহোন বিহুটি।