ডিব্ৰুগড়ত উজনিৰ প্ৰথম খন মঞ্চ বিহুৰ সফল সামৰণি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতি বছৰৰ দৰে এইবছৰো উজনিৰ প্ৰথমখন মঞ্চ বিহু ঐতিহমণ্ডিত “ডিব্ৰুগড় ৰঙালী বিহু” তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। উৎসৱটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু পৰম্পৰাগত বিভিন্ন ধৰণৰ খেল-ধেমালি আৰু সাংস্কৃতিক কাৰ্যসূচীৰে বৰলুইতৰ পাৰৰ বাগ্মীবৰ নীলমনি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূৰ্বৰ জৰ্জ ইন্সটিটিউচন) খেলপথাৰত উদযাপন কৰা হয়। প্ৰথমদিনা কাৰ্যসূচীত পুৱাৰ ভাগত উদযাপন সমিতিৰ সভাপতি অনিল দুৱৰাই বিহু পতাকা উত্তোলন কৰাৰ লগে লগে বনগীতৰ সম্ৰাট উপাধি প্ৰাপক পদ্ম দাসৰ নেতৃত্বত অমৰাগুৰি গাঁৱৰ যুৱতী আৰু মহিলাসকলে পতাকা উত্তোলনৰ গীত “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন” -শীৰ্ষক গীতটি সমস্বৰে পৰিৱেশন কৰে। জেচিম আহমেদে আঁত ধৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে সমাজকৰ্মী অশোক দাসে। ইয়াৰ লগে লগে স্মৃতি তৰ্পণ স্থলীৰ কাষতে থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আৱক্ষয় মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই উপস্থিত ৰাইজক হেপাঁহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই তিনিদিনীয়া কাৰ্যসূচী সৰ্বাংগসুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতিলৈ আহ্বান জনায়। বাগ্মীবৰ নীলমনি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত টংকেশ্বৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি তেখেতৰ পৰিয়ালে উচ্ছৰ্গা কৰা ” টংকেশ্বৰ বৰুৱা সোঁৱৰণী মণ্ডপ” উদ্ধোধন কৰি প্ৰয়াত শিক্ষাবিদগৰাকীৰ একালৰ ছাত্ৰ তথা এই বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ চেহিৰ আহমেদে তেখেতৰ বিষয়ে কৰ্মৰাজিৰ বিষয়ে বক্তৃতা আগবঢ়াই শ্ৰদ্ধাৰে স্মৰণ কৰে। লগতে তেখেতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰযুগমীয়া কবিতাটি আবৃত্তি কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। বিহু মঞ্চ মুকলি কৰে অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ পদ্ম দাসে। ইয়াৰ পিছতে ডিব্ৰুগড় পৌৰনিগমৰ কাউন্সিলাৰ শ্ৰৱণ কুমাৰ দাসে উদ্ধোধন কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযত্ৰাত লেঙেৰী চাংমাই গাঁৱৰ হস্তী, বৰবৰুৱাৰ পৰা আমন্ত্ৰিত গায়ন-বায়ন, কেইবাটাও বিহুদলসহ প্ৰায় চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰে। পুৱাৰ কাৰ্যসূচীত সকলোৰে লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে একালৰ খ্যাতনামা বিহুৱা দিলীপ দাস, অঁনাতাৰ শিল্গী মিৰ্জা নিয়ামুদ্দিন আহমেদ, চি,ডব্লিউ চি বিভাগৰ সহকাৰী সঞ্চালক দিলীপ বৰুৱা, সমাজকৰ্মী বালিৰাম দাস, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লেখনি দাস বৰুৱা, নীলাভ নয়ন বৰদলৈকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উদযাপন সমিতিয়ে শোভাযাত্ৰাৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বন বিভাগৰ তৰফৰ পৰা বাটে-বাটে ৰাইজক গছপুলি বিতৰণ কাৰ্যসূচী পালন কৰে। ইয়াৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশালৈ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন ভূঞাই। দ্বিতীয় নিশাৰ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি তথা “অসম আদিত্য” কাকতৰ মুখ্য সম্পাদক মনজিৎ বৰাই বিহুৰ ঐতিহ্য আৰু প্ৰকৃত পৰম্পৰা শুদ্ধকৈ জীয়াই ৰখাৰ বিষয়ে সুন্দৰ বক্তব্য আগবঢ়ায়।তেখেতৰ সৈতে উপস্থিত থাকে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উপ-সভাপতি বিভাস দুৱৰা। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল গোহাঁই, সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি তনুজ হালৈৰ লগতে অবিনাশ দত্ত,পাপু শইকীয়া, আৰু দৌলত দাস উদযাপন সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিহুতলীত উপস্থিত থাকে। স্থানীয় শিল্গীসকলে তেওঁলোকৰ একক আৰু দলীয়ভাৱে অনুষ্ঠান পৰিৱেশন কৰে। অন্তিম দিনা বিহুৱতী, মৌ কুঁৱৰী,বিহুনাচ ‘ক’ আৰু ‘খ’ শাখা আৰু বিহুনাম, বনগীত আৰু সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিহু উৎসৱ উদযাপন সমিতিয়ে প্ৰতিষ্ঠা কালৰেপৰা প্ৰতিবছৰে এই বিহুৰ লগত সংগতি ৰাখি কণী যুঁজ, টেকেলী ভঙা, ৰছী টনা, কুকুৰা যুঁজ আদিকে ধৰি বিভিন্ন ধৰণৰ অন্যান্য পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰি আহিছে।এই খেল-ধেমালি প্ৰতিযোগিতাৰ আকৰ্ষণীয় পুৰস্কাৰসমুহো অন্তিমদিনাই প্ৰদান কৰা হয়। ১৭ এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক পৰাগ মহাবীৰ সিংহানীয়াই। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বি চি পি এল,ৰ মানৱ সম্পদ বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত বৰুৱা, ডিব্ৰুগড় নগৰ আৰক্ষী পৰিদৰ্শক প্ৰদীপ বৰা, আমোলাপট্টি আৰক্ষী চকীৰ বিষয়া বিষ্ণু বাহাদুৰ নেৱাৰ আদিকে প্ৰমুখ্য কৰি কেইগৰাকীও বিশিষ্ট ব্যক্তি।ৰূপম সন্দিকৈৰ নেতৃত্বত তেখেতৰ সহযোগীসকলে পৰিৱেশন কৰা বৰপথাৰৰ পৰা আমন্ত্ৰিত মুকলি বিহুৰ দল, স্থানীয় কেইবাটাও একক আৰু দলীয় অনুষ্ঠান, উদিয়মান কণ্ঠশিল্গী বিতু বৰুৱাৰ গীতৰ শৰাই আৰু আটাইতকৈ আকৰ্ষণীয় হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্গী ৰমেন দানহৰ সংগীতানুষ্ঠান উপভোগ কৰি সকলো বিহুপ্ৰেমী ৰাইজ উৎফুল্লিত হয়।