দুদিনীয়া কাৰ্যসূচীৰে ডিফুত মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে ডিফুত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পূব কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং পাহাৰীয়া জিলা দুখনত ১০৪.৮৩ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে অংগনৱাড়ী কেন্দ্ৰৰ মাজত প্রাক্-বিদ্যালয়ৰ সামগ্রী বিতৰণ অনুষ্ঠানকে ধৰি আন কেইবাটাও কার্যসূচীত অংশ লয়। মুখ্যমন্ত্রী ড° শর্মাই ৰেংবংহম স্কুল হৈ ৩২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কে এ পি টি এৰ কাৰ্যালয়লৈ পথ উন্নীতকৰণ প্ৰকল্প, মাউন্ট কালভাৰী স্কুল হৈ আমিয়াপট্টিৰ পৰা ৩২৯নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইউ চি গির্জালৈ পথ উন্নীতকৰণ প্ৰকল্প, জিৰছং আছং হৈ ৩২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইউ চি স্কুললৈ পথ বহলীকৰণ প্ৰকল্প, ৰংমনজিৰৰ পৰা এ জি গির্জালৈ পথ বহলীকৰণ প্ৰকল্প, আৰ চি চি দলং সামৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিৰলা (তাৰালাংছ’)ৰ পৰা ৰংকিমিলৈ পথ নির্মাণ প্রকল্প, ৩২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আতুৰকিমি স্কুল আৰু ইউ চি স্কুললৈ পথ নির্মাণ প্রকল্প, হোম একাডেমী স্কুল হৈ মীনপালন কাৰ্যালয়ৰ পৰা ৰংঠেয়াঙলৈ পথ নির্মাণ প্রকল্প, ৰংকানেলাং আৰু গাৰোবস্তি হৈ ৩২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তাৰালাংছ’লৈ পথ নির্মাণ প্রকল্প, ডিফুৰ ৰংঠেয়ান-বি হৈ ৩২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হোম একাডেমীলৈ পথ উন্নীতকৰণ প্ৰকল্প, ৰংথাৰভেৰ পৰা ডিফুৰ ৰংচিংৰাম আৰু তাৰালাংছ ‘লৈ চাৰিলেনযুক্ত পথ নির্মাণ প্রকল্প, পিবি মার্কেটৰ পৰা মেন্টিলা, টিভি চেণ্টাৰ আৰু ডিফুৰ গীতা আশ্ৰমলৈ পথ নির্মাণ প্রকল্প, লাহৰীজানত কাৰ্বি আংলং আদৰণী তোৰণ নির্মাণ প্রকল্প, ডিফুৰ পাঁচমাইলৰ ৰংফাৰপি ৰংবে’ৰ প্ৰতিমূর্তি নিৰ্মাণ প্রকল্প, ডিফুৰ ৰেনেবংহম স্কুল তিনিআলিত ৰেংবংহমৰ প্ৰতিমূর্তি নির্মাণ প্রকল্প, এম আৰ এল-১৭ ডি এ ভিৰ পৰা মনলনলৈ পথ উন্নীতকৰণ প্ৰকল্প, তেৰাং গাঁও পথ হৈ দেছাগেদেবাৰ পৰা মাঞ্জালৈ আৰ চি চি দলং নির্মাণ প্রকল্প আৰু পাঁচমাইল ডিফু মাঞ্জা পথৰ পৰা নিহাং ৰংকেথে পথলৈ উৰণ সেতু আৰু দিল্লাল ছাহাৰিজান পথত আৰ চি চি দলং নির্মাণ প্রকল্প আনুষ্ঠানিকভাবে উদ্বোধন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই ডিফুত অংগনৱাড়ী কেন্দ্ৰৰ মাজত প্রাক্-বিদ্যালয়ৰ সামগ্রী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলা ভ্ৰমণৰ সময়ত কেইবাটাও প্রকল্প উদ্বোধনৰ কথা ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই প্রকল্পসমূহে ডিফুকে ধৰি সমগ্র জিলাখনক বিকাশৰ যাত্ৰাত আগবঢ়াই নিবলৈ সক্ষম হ’ব। চলিত বৰ্ষৰ ভিতৰতে কাৰ্বি আংলঙৰ উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰে আন কেইবাটাও উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ডিফু নগৰৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে প্রায় ১৯৮ কোটি টকা ব্যয়সাপেক্ষে ডিফু ষ্টেডিয়ামৰ পৰা ডিফু মুখ্য ডাকঘৰলৈকে নির্মীয়মাণ ১.৪ কিঃমিঃ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উৰণ সেতুখনৰ কাম চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। তেনেদৰে, প্ৰায় ১২ কিঃমিঃ দৈর্ঘ্যৰ হামৰেণ-টুমপ্রেং- হোজাই- নীলবাগান-হাওৰাঘাট-কাৰকক পথটোৰ লগতে প্রায় ৪০০ কোটি টকা ব্যয়েৰে নির্মীয়মাণ হামৰেণৰ পৰা টুমপ্রেঙলৈ ২৯.৭০ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে পশ্চিম কার্বি আংলং জিলাৰ ৰংজংপঙৰ পৰা আমট্রেঙলৈ ২৩ কিঃমিঃ পথৰ উন্নয়ন আৰু বহলীকৰণৰ কাম দ্রুতগতিত চলি আছে। তেনেদৰে, পশ্চিম কাৰ্বি আংলং জিলাৰ ৰজাগাঁৱৰ পৰা ডালিমবাৰীলৈ পথৰ উন্নয়ন আৰু বহলীকৰণ প্ৰকল্পৰ কাম ৫০ শতাংশ, খেৰণি-ৰংপংবং পথৰ সবলীকৰণৰ কামো ৮২ শতাংশ ইতিমধ্যে সম্পূর্ণ হৈছে। ধনশিৰিৰ পৰা ডিফুলৈ পথ বহলীকৰণ প্ৰকল্পৰ কামো দ্রুতগতিত চলি আছে আৰু নিৰ্মাণকাৰ্য ইতিমধ্যে ৭৪ শতাংশ সম্পূর্ণ হৈ উঠিছে। ডিফুত নির্মীয়মাণ কর্কট চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ ভিতৰতে সম্পূর্ণ হৈ উঠিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰজা ৰেংবংহম আছিল কাৰ্বিসকলৰ শ্ৰেষ্ঠ নৃপতি। তেওঁৰ ৰাণী আছিল কাৰেং তেৰংপি। আজি কাৰ্বি আংলং ভ্ৰমণৰ সময়ত ৰজা ৰেংবংহম আৰু ৰাণী কাৰেং তেৰংপিৰ প্ৰতিমূর্তি উন্মোচন কৰি আনন্দিত হৈছে। ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে যে কাৰ্বি আংলঙত প্রগতি আৰু উন্নয়নৰ এক নতুন সূর্যোদয় হৈছে। পাহাৰীয়া এই জিলাখনক সমগ্ৰ দেশৰ ভিতৰতে এখন শ্রেষ্ঠতম জিলালৈ ৰূপান্তৰ কৰিব লাগিব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শর্মাই ডিফু ক্লাবত আয়োজিত ৰঙালী বিহুৰ এক অনুষ্ঠানতো অংশগ্রহণ কৰে। এই অনুষ্ঠানত তেওঁ ডিফুত ড° ভূপেন হাজৰিকা মঞ্চ নিৰ্মাণৰ বাবে ১ কোটি টকা আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ কাৰ্যসূচীসমূহত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্রী নন্দিতা গার্লোছা, সাংসদ অমৰছিং টিছ’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছ’, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।