টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰক অপসাৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে টীম ইণ্ডিয়াৰ সহকাৰী প্রশিক্ষক অভিষেক নায়াৰক অপসাৰণ কৰিছে । ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শন আৰু ড্ৰেছিং ৰুমৰ তথ্য ফাদিল হোৱাৰ বাবে অভিষেক নায়াৰক অপসাৰণ কৰিছে। অৱশ্যে অভিষেক নায়াৰক অপসাৰণ কৰাৰ সন্দৰ্ভত ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই কোনোধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে যদিও আগন্তুক দুই-এদিনত সকলো ছবি স্পষ্ট হৈ পৰিব বুলি মন্তব্য কৰে। ইফালে, ভাৰতীয় দলটোৰ ফিল্ডিং প্রশিক্ষক টি দিলীপ আৰু ফিটনেছ ট্রেইনাৰ শোহম দেশাইকো চাকৰিৰ পৰা অপসাৰণ কৰা বুলি জানিব পৰা গৈছে। দুয়োজনেই তিনি বছৰতকৈ অধিক সময় ভাৰতীয় দলৰ সৈতে জড়িত আছিল আৰু সেয়ে নিয়ম অনুসৰি এতিয়া তেওঁলোক পুনৰ ভাৰতীয় দলৰ অংশীদাৰ হ’ব নোৱাৰিব। চেম্পিয়নছ ট্রফী জয় কৰাৰ পাছতো ব’র্ডে মাত্ৰ ৮ মাহৰ ভিতৰতে এই তিনিজন সদস্যক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। জানিব পৰা মতে, অভিষেক নায়াৰ আৰু ফিল্ডিং প্রশিক্ষক টি দিলীপৰ স্থানত আন কোনো প্রশিক্ষক নিযুক্তি দিয়া নহয়। বর্তমান সীতাংশু কোটক বেটিং প্রশিক্ষক আৰু ৰিয়ান টেন ড’ছাট সহকাৰী প্ৰশিক্ষকৰ দায়িত্বত আছে। ড’ছাটেই এতিয়া ফিল্ডিং প্রশিক্ষকৰ অতিৰিক্ত দায়িত্বও বহন কৰিব পাৰে। অৱশ্যে ফিটনেছ ট্রেইনাৰ শোহম দেশাইৰ স্থানত আন এজন সদস্যক নিযুক্তি দিয়া হ’ব পাৰে। উল্লেখ্য যে গৌতম গম্ভীৰ টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হোৱাৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা অভিষেক নায়াৰক লৈ আহিছিল। গম্ভীৰৰ জোৰত নায়াৰক সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল ব’র্ডে। কিন্তু মাত্র ৮ মাহৰ ভিতৰতে চাকৰি হেৰুৱালে অভিষেক নায়াৰে।