ৱাক্ফ সংশোধনী আইনক লৈ দ্বিতীয় দিনাও উচ্চতম ন্যায়ালয়ত শুনানি
ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ে ৱাক্ফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক লৈ প্রত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে বুধবাৰে ৭২খন আবেদন একত্রিত কৰি লৈ শুনানি লোৱাৰ অন্তত বৃহস্পতিবাৰে পুনৰ বিয়লি ২ বজাত ৱাক্ফ সংশোধনী আইনক লৈ শুনানি গ্রহণ কৰে। এই শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ খান্নাৰ নেতৃত্বৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক বাক্ফ আয়োগ তথা বাক্ফ ব’ৰ্ডত নতুন নিযুক্তি নিদিবলৈ নির্দেশ দিয়ে। ঠিক তেনেদৰে ৱাক্ফৰ কোনো সম্পত্তি সালসলনি কৰিব নোৱাৰিব বুলিও বিচাৰপীঠে নির্দেশ দিয়ে। পৰৱৰ্তী শুনানি নোহোৱালৈকে নতুন ৱাক্ফ সংশোধনী আইনৰ উল্লিখিত বিষয়সমূহত কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰিবলৈ কেন্দ্রীয় চৰকাৰক নিৰ্দেশ দিয়ে। ইপিনে কেন্দ্ৰীয় চৰকাৰে বিচাৰপীঠৰ সন্মুখত জনোৱা আহ্বানত সন্মত হৈ উল্লিখিত বিষয়সমূহত বিশেষকৈ বিতর্কিত ৱাক্ফ আইনখনক লৈ উত্তৰ দিবলৈ ৭ দিনৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে। অহা ৫ মে’ত শুনানিৰ পূৰ্বেই ৭ দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে বাক্ফ আইনৰ সাংবিধানিক বৈধতাক লৈ জনোৱা প্ৰত্যাহ্বানৰ আবেদনৰ উত্তৰ দিব লাগিব বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। বিচাৰপীঠৰ এই নির্দেশৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ৱাক্ফ আয়োগ অথবা ৱাক্ফ ব’ৰ্ডত কোনো নিযুক্তি নিদিয়ে বুলি লিখিত প্রতিশ্রুতি দিয়ে। মুখ্য ন্যায়াধীশ খান্নাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনে কেন্দ্ৰীয় চৰকাৰক ৱাক্ফ আইনৰ সম্পত্তি সন্দৰ্ভত সকীয়নি দি ৱাক্ফ সম্পত্তিৰ সালসলনিয়ে দেশত অশান্তিৰ বীজ বিয়পাব পাৰে বুলি উদ্বিগ্নতা প্রকাশ কৰিছে। কোনো কাৰণতে ৱাক্ফৰ সম্পত্তি সালসলনি কৰাৰ ক্ষেত্ৰত চৰকাৰক সজাগ হোৱাৰো পৰামৰ্শ আগবঢ়াইছে। বৃহস্পতিবাৰে বিয়লি ২ বজাত শুনানি গ্রহণ কৰি বিচাৰপীঠে ৱাক্ফৰ সম্পত্তি সালসলনি কৰিব নোৱাৰাৰ লগতে নতুন নিযুক্তি দিব নোৱাৰোঁ বুলিও স্পষ্ট নির্দেশ দিয়ে। ৱাক্ফ সংশোধনী আইনত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ নিদিলেও বিচাৰপীঠৰ এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰক বিপাঙত পেলাইছে। উল্লেখ্য যে বিৰোধী দলৰ লগতে দেশৰ মুছলিম সংগঠনে উচ্চতম ন্যায়ালয়ত ৱাক্ফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক লৈ প্রশ্ন উত্থাপন কৰি আবেদন দাখিল কৰিছে। ৭২খন এনে আবেদনক একত্রিত কৰি তিনিজনীয়া বিচাৰপীঠে দুদিন ধৰি শুনানি গ্রহণ কৰি কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত মত ব্যক্ত কৰিবলৈ ৭ দিনৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে।