ডিব্ৰুগড়ত বাণীপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত পহিলা ব’হাগত ‘নিজৰ দিন’ উদ্‌যাপন

ডিব্ৰুগড়ত বাণীপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত পহিলা ব’হাগত ‘নিজৰ দিন’ উদ্‌যাপন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ অন্যতম শাখা বাণীপুৰ শাখা সাহিত্যসভাৰ উদ্যোগত পহিলা ব’হাগৰ ‘নিজৰ দিন’ শীৰ্ষক অনুষ্ঠান আনন্দ- উৎসৱেৰে আয়োজিত হয়। বাণীপুৰস্থিত শাখা সাহিত্য সভাৰ নিৰ্মীয়মান কাৰ্যালয়ৰ বাকৰিত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি ঘটে। কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি  অজয় কুমাৰ দত্তই ৷ ইয়াৰ পাছতে অসম সাহিত্য সভাৰ নিৰ্দেশমৰ্মে সফল জীৱন পৰিক্ৰমাৰে সমৃদ্ধ দুগৰাকী বিশিষ্ট ব্যক্তিক সন্মান জ্ঞাপন আৰু কৃতজ্ঞতা প্রকাশ কৰি সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট সাহিত্যিক, গৱেষক পণ্ডিত ইন্দ্ৰ গগৈ আৰু সাংস্কৃতিক তথা সমাজকৰ্মী অনিমা গগৈক শাখা সভাই ওলগনি পত্র, মান্যবস্ত্ৰ, কিতাপৰ টোপোলা আৰু থুৰীয়া তামোলেৰে সেৱা জনাই সম্বৰ্ধনা জনায়। সভাপতিসহিতে শাখাড সভাৰ অন্য কর্মকর্তাসকলে সম্বৰ্ধিত ব্যক্তিৰ স্বগৃহতে তেওঁলোকৰ পৰিয়ালসহিতে এক অন্তৰঙ্গ আলাপ অনুষ্ঠানৰো আয়োজন কৰে। এনেদৰে ভাষা, সাহিত্য, সমাজ-সংস্কৃতিৰ বিকাশৰ কাম কৰি জাতীয় জীৱনক সমৃদ্ধ কৰা বিশিষ্ট ব্যক্তিক বাণীপুৰ শাখা সাহিত্য সভাই সম্বৰ্ধিত কৰে। এই অনুষ্ঠানতশাখা সভাৰ সভাপতি অজয় কুমাৰ দত্ত, উপ সভাপতি ড° যতীন্দ্ৰ নাথ গগৈ, সম্পাদিকা ড°দিব্যজ্যোতি বৰা, সহ সম্পাদিকা  মঞ্জুলা শ‍ইকীয়া, বিশিষ্ট শিক্ষাবিদ  তৰুণ চন্দ্ৰ গগৈ,ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সাংস্কৃতিক আহ্বায়িকা ঝর্ণা শ‍ইকীয়া,  দীপক দত্ত, হলিৰাম ফুকন,পদ্মা শ‍ইকীয়া খনিকৰ উপস্থিত থাকে। এনেদৰে পৰম উৎসাহ-উদ্দীপনাৰে বাণীপুৰশাখা সাহিত্য সভাই এই মহৎ কাৰ্য সম্পন্ন কৰে ।