ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ বহাগ আদৰণি সংহতি সংকল্প  

ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ বহাগ আদৰণি সংহতি সংকল্প  
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ যৌথ উদ্যোগত জাতীয়তাবাদী মহিলা পৰিষদ আৰু সম্পৰ্ক নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ‘বহাগ আদৰণি সংহতি সংকল্প শীৰ্ষক অনুষ্ঠান সম্পন্ন হয়। ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰথম দিনা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই বিহুৰ পতাকা উত্তোলন কৰাৰ পাছত বন্তি প্ৰজ্বলন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে। সাহিত্য সভাৰ চৌহদত ফলমূলৰ গছ-পুলি ৰোপন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি ৰাতুল বৰুৱাই। অনুষ্ঠানত কণীযুঁজ প্ৰতিযোগিতা আৰু টেকেলী ভঙা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা মুকলি সভাত  সভাপতিত্ব কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁইয়ে।অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয়‌ যে, বহাগ মাথোঁ ৰং- ধেমালি নহয়,বহাগ হৈছে এক জাতীয় চেতনা-অসমীয়া জাতিৰ আবেগ।সাত বিহুৰ পৰম্পৰাই অসমীয়া জাতিক অধিক শক্তিশালী ভাৱে আগুৱাই যোৱাৰ অনুপ্ৰেৰণা দিয়ে। সেই বিহুৰ পৰম্পৰা ৰক্ষা কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ডিব্ৰুগড় সাহিত্য সভাই যৌথ ভাৱে বিহু উদযাপন কৰি অহা বুলি কয়। সভাত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ সচিব পৰ্য্যায়ৰ বিষয়া তথা বৰ্তমান গুৱাহাটীত অসম ৰাজহ বোৰ্ডৰ সদস্য ,বিশিষ্ট লেখিকা তথা সাংস্কৃতিক কৰ্মী স্বপ্না দত্ত ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ আন্ত: ৰাজ্যিক আৰু বিদেশ মৈত্ৰীবন্ধন উপ-সমিতিৰ আহ্বায়ক ড° শশীকান্ত শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমীয়া জন জীৱনৰ আয়ুসৰেখা বিহুৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আজিও সম্প্ৰীতিৰ এনাজৰী বান্ধি ৰাখিছে বুলি কৈ অসমীয়া সংস্কৃতিৰ ই এক হৃদপিণ্ড বুলি কৈ এই বিহু সংস্কৃতিৰ বিজতৰীয়া হ’লেই জাতি ধ্বংস হ’বলৈ বেছি সময় নালাগে বুলি উদ্বেগ প্ৰকাশ কৰে। ডিব্ৰুগড় সাহিত্য সভাই সাহিত্যৰ লগতে সংস্কৃতি-সামাজিক ক্ষেত্ৰখনতো আগুৱাই নিয়াৰ ক্ষেত্ৰত এনেদৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।সভাত ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰা, ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ, কৈৱত্য যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস, বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কাৰ্যকৰী সভাপতি নীৰ্মল কান্তি শীল,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ  জিলাৰ সভাপতি ৰাতুল বৰুৱা,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিগন্ত কাকতি, সাংগঠনিক সম্পাদক পূৰ্বজ দাস, নৃত্য গুৰু তথা বৰবিহুৱতী ৰুবী গগৈ সন্দিকৈ, অনাতাঁৰ শিল্পী ভূৱন গগৈ, লোকবাদ্য শিল্পী জিতেন দাসসহ অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। আনহাতে বহাগ আদৰণি অনুষ্ঠানতে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা বাতাবৰণ কাকতৰ সম্পাদক, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপদেষ্টা ৰাজীৱ বৰগোহাঞি, ডিব্ৰুগড় বৌদ্ধ বিহাৰৰ  ভীক্ষু তথা সমাজকৰ্মী ডিব্ৰুগড়ৰ সুমেধানন্দ মহাথেৰ ভীক্ষু, শাৰীৰিক ভাৱে সক্ষম বিশিষ্ট সমাজ সংগঠক তথা লেখক পাঁচখন গ্ৰন্থৰ ৰচয়িতা দিলীপ দত্ত, বিশিষ্ট সমাজকৰ্মী তথা ৰে’লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লীলা ঢেকিয়াল আৰু জ্যেষ্ঠ সমাজকৰ্মী দীপক কুমাৰ চাংমাইক এখন থুৰীয়া তামোল, এখন বিহুৱান,এটা স্মাৰক আৰু অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু সম্পাদক দেৱজিৎ বৰা স্বাক্ষৰিত ওলগণি পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে।এই অনুষ্ঠানতে ডিবৰু চেমনীয়া হুঁচৰি দলৰ দ্বাৰা পৰিবেশিত হুঁচৰি, নৃত্যাংগন কলা কেন্দ্ৰৰ ছাত্ৰী সকলৰ জেংবিহু আৰু মুৰ্চনা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত কেইবাটাও সাংস্কৃতিক অনুষ্ঠানে ডিব্ৰুগড় সাহিত্য সভাৰ পৰিৱেশ মুখৰিত কৰি তোলে।শেষত বৰবিহুৱা লোকবাদ্য শিল্পী জিতেন দাস আৰু অনাতাঁৰ শিল্পী ভূৱন গগৈ দ্বাৰা সংগীত পৰিবেশনৰে জীপাল হৈ পৰে পৰিবেশ। অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, ৰামধেনু আহ্বায়িকা ড° ৰুণুমা শৰ্মা, ধন ভৰালী ভূৱন জ্যোতি বৰুৱা,আকাশ আহ্বায়িকা যানী সোনোৱাল, পত্ৰিকা সম্পাদক অনিল পোদ্দাৰ, কাৰ্যালয় সম্পাদক দয়া প্ৰীতি গগৈ, প্ৰচাৰ সম্পাদক হিৰণ্য বৰা,কাৰ্যনিৰ্বাহক জ্যোতিষ পাতিৰ, ইফতিকাৰ হুছেইনকে প্ৰমুখ্যে কৰি জ্যেষ্ঠ সাংবাদিক মনোজ পাণ্ডে সহ অন্যান্য সকল উপস্থিত থাকে।