বংশৰৰ সনাতন বৈশ্যৰ দুখন গ্ৰন্থ উন্মোচন

বংশৰৰ সনাতন বৈশ্যৰ দুখন গ্ৰন্থ উন্মোচন

ইন্দ্ৰ কান্ত বৈশ্য,বংশৰ, ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰ অঞ্চলৰ এগৰাকী শিক্ষক,কবি, গান গোৱা, কুইজ পৰিচালক, স্মৃতিগ্ৰন্থ সম্পাদনা,নাট পৰিচালনা, নাট্যকাৰ, সমাজকৰ্মী সনাতন বৈশ্যৰ ১৫ এপ্ৰিল (১ ব’হাগ) জন্মদিন উপলক্ষে যাত্ৰা গ্ৰাম্য পুথিভঁৰাল,বংশৰৰ উদ্যোগত বংশৰ হিমাশ্ৰী ভৱনত গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয়। বিশিষ্ট নাট্যকৰ্মী তথা প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য‌ই আতধৰা গ্ৰন্থ উন্মোচনী সভাত সঞ্চালনা কৰেদুধনৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা শুৱালকুছি জুনিয়ৰ কলেজৰ অধ্যক্ষ ড° হৰমোহন দাস দেৱে। আদৰণি আৰু উদেশ্য ব্যাখ্যা কৰে যাত্ৰা গ্ৰাম্য পুথিভঁৰালৰ স্বত্বাধিকাৰী ৰবীন পাঠকে আৰু যাত্ৰাৰ বাৰ্তাও কৃতজ্ঞতা জ্ঞাপন কৰে পূব বংশৰ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° ধ্ৰুৱজ্যোতি মালাকৰে। শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা বিশিষ্ট কবি ড°চিত্তৰঞ্জন দাসদেৱে সনাতন বৈশ্যৰ কাব্যগ্ৰন্থ “কবিতা তুমি নেৰিবা মোক” উন্মোচন কৰে। দাস দেৱে উন্মোচনী ভাষনত –প্ৰত্যেক শিল্পৰ দৰে কবিতাৰো নিজস্ব পোছাক আছে। তাৰ যত্ন কবিয়ে ল’ব লাগে।সনাতন বৈশ্যৰ সুকুমাৰ চেতনা আছে বুলি কয়। সভাত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰদী নাট্যকাৰ, নাট পৰিচালনা, অভিনেতা চম্পক শৰ্মা দেৱে সনাতন বৈশ্যৰ পূৰ্ণাংগ সামাজিক নাট ভ্ৰাম্যমাণ থিয়েটাৰৰ আৰ্হিত লিখা “পূজাৰ নাটক” খন উন্মোচন কৰে। শৰ্মা দেৱে উন্মোচনী ভাষনত ভাল নাট্যকাৰ হৱলৈ কাহিনী তকৈ ভাল সংলাপ চয়নত গুৰুত্ব দিব লাগিব আৰু নবীন নাট্যকাৰ বৈশ্য ৰ মানস কলমৰ পৰা বহুতো নাটক সৃষ্টি হোৱাৰ আশা ৰাখি বক্তব্য ৰাখে। সভাত আমন্ত্ৰিত অতিথি হিচাপে ইতিহাস থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক তথা কৰ্মমহাৰথী ড° মহানন্দ কুমাৰ দেৱে কয় যে গ্ৰন্থ হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। সভাত সমাজ ৰত্ন, হাজো গৌৰৱ আৰু মাহেকীয়া সাংস্কৃতিক বাতৰি কাকত ‘দাপোন ‘ ৰ মুখ্য সম্পাদক দিনমনি ভাণ্ডাৰ কায়স্থ উপস্থিত থাকে। বৈশ্য ৰ কবিতা আবৃত্তি কৰে ভাস্কৰ জ্যোতি দাস আৰু পূৰবী শৰ্মা ই আৰু নাটৰ সংলাপ পাঠ কৰে ৰমেশ দাস আৰু বিশ্বজিৎ বৈশ্য ই। সমজুৱাৰ বক্তব্যত প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক ফনীধৰ দাস আৰু বয়োজ্যষ্ঠ দেবেন্দ্ৰনাথ কাকতিয়ে এই প্ৰচেষ্টা ক ভূয়সী প্ৰশংসা কৰে। উল্লেখযোগ্য যে বৈশ্য ৰ প্ৰাক্তন ছাত্ৰ প্ৰাঞ্জল দাস,নৱ জ্যোতি বৈশ্য,নিতু বৈশ্য,অম্বিকা বৈশ্য ,ভাতৃ ৰাতুল বৈশ্য, পুত্ৰ তন্ময় বৈশ্য আৰু সহধৰ্মিনী শশী প্ৰভা বৈশ্য কে ধৰি বহু জনে গ্ৰন্থ উন্মোচনী সভাখনক সাফল্য মণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱা দেখা যায়। সভাৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বিজ্ঞান শাখা প্ৰথম বৰ্ষৰ ছাত্ৰী মৃগাক্ষী এচ বৈশ্য ই প্ৰাৰ্থনা গীত পৰিৱেশন কৰে আৰু শেষত শলাগৰ শৰাই আগবঢ়ায়।