বিশ্বাসৰ অপমৃত্যু – প্ৰাণ প্ৰতিমা বড়া

Pc-istockphoto

অণুগল্প

বিশ্বাসৰ অপমৃত্যু

প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী

ফাগুনৰ পছোৱাজাকে হৃদয়ৰ মণিকোঠাত আঘাত সানিছিল  ৷ প্ৰায় দহ  বছৰৰ আগতে  অপ্ৰত্যাশিত এটি আশাৰ ৰেঙণিয়ে হৃদয়ৰ ৰংগালয়ত ভূমুকি মাৰিছিল অতি সংগোপনে ৷ মোৰ চৌপাশৰ পৃথিৱীখন ৰঙীন হৈ পৰিছিল ৷ সেই সন্ধিয়াপৰত ফাগুনৰ পছোৱাজাকৰ দৰেই মনৰ ভিতৰত ক্ষোভেৰে ভৰি পৰিছিল ৷ কিয়নো এটি “বিশ্বাসৰ অপমৃত্যু” ঘটিছিল ৷