পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙালী বিহুৰ আনন্দৰ মাজতে হোজাইৰ লংকাৰ কাকীত সংঘটিত হৈছে এক নৃশংস ঘটনা। পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। স্বাভাৱিকতে এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। লংকাৰ কাকীৰ বেলতলা মিলনপুৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে সামন্য কথাতে পিতা- পুত্ৰৰ মাজত কাজিয়াৰ সৃষ্টি হয়। যাৰ বাবে সুৰামত্ত অৱস্থাত থকা পুত্ৰ ৰাজকুমাৰ ছাম্পিয়াৰে পিতৃৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই লগতে হাত- ভৰি ভাগি দিয়ে।  কেৱল ইমানেই নহয়, পুত্ৰৰ প্ৰহাৰ মুমূৰ্ষু অৱস্থা হোৱা জন্মদাতা পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই। তাৰ পাছতে শেষ নিশ্বাস ত্যাগ কৰে পিতৃ ছাৰ্জন ছাম্পিয়াৰে।ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ অভিযুক্ত পাষাণ পুত্ৰ ৰাজকুমাৰক আটক কৰিছে। সুৰাৰ বাবেই এনে জঘন্য ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দোষীৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবী ওচৰ-চুবুৰীয়া তথা ৰাইজৰ।