ব’হাগতে পাতি যাওঁ বিয়া
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আহ ঐ আহ!
কঁকাল ভাঙি নাচি নাচি আহ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি।
বাপতি সাহোন বিহুটি পালেহি
ব’হাগতে পাতি যাওঁ বিয়া।
অ’ সোণপাহি!
ফাগুনৰ বলিয়া বা লাগি
এটি দুটিকৈ বাঢ়ি বাঢ়ি তই ষোল্লকণা হৈ
পূৰ্ণযৌৱনা গাভৰু হ’লি ;
এতিয়া তোৰ সৰ্বশৰীৰত বৈ যায় ৰসৰ নিজৰা।
তোৰ প্ৰেমত হ’লো আধা পগলা!
আহ! ঐ আহ!
ক’তে আছা মৰি?
তোৰ কামনাৰ পৰশ লাগি
ফাগুন গৈ চ’ত পালেহি
ফুলিলে ভেবেলি লতা
ফুল-আলসুৱা তোৰ কোমল ফুলৰ সৌন্দৰ্য্যত
গছ-লতা-তৰু-তৃণ ৰঙচুৱা আভাৰে ভৰি পৰিল।
গছৰ আঁৰে আঁৰে কুলি-কেতেকীয়ে ইনালে বিনালে
চাৰিওদিশে বাজি উঠিল মিলনৰ মধুৰ ঝংকাৰ!
অ’ সোণপাহি!
আহ! ঐ আহ!
কঁকাল ভাঙি নাচি নাচি আহ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি
অতিকৈ চেনেহৰ বিহুটি পালেহি
ব’হাগতে পাতি যাওঁ বিয়া।
সোণপাহি ! তোৰ যৌৱনৰ উতলা বা লাগি
এটুকুৰা ৰঙা মেঘ ভাঁহি ভাঁহি যায় —
ময়ো আছোঁ তোলৈ বাট চাই চাই ;
তই আহ! ঐ আহ!
মোৰ বুকুৰ মাজত সোমাই সোমাই আহে!!