বিহুৰ আগমণৰ উল্লাস
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
পূৰ্বাকাশত জোনাকী ৰূপত
উদয় হয় নৱজ্যোতি,
ধৰাৰ কঁপালত বিহুৰ তিলক
সৰগীয় সুখৰ ভকতি।
ঘামেৰে ধোৱা কৃষকৰ
হেঙুলীয়া স্বপ্নৰ বীজ,
জীৱনৰ দহদিশাত বাজে
আশাৰ কঁপনি, সৰগীয় সংগীত।
পেঁপাৰ মাতত নাচি উঠে
গাভৰুৰ কোমল ৰাগ,
ঢোলৰ গম্ভীৰ ধ্বনিত কম্পিত হয়
হৃদয়ৰ অন্তঃস্নায়ু-ভাগ।
চকু মেলিলেই দেখা যায়
বননিৰে শোভিত মাধুৰী ধৰা,
জেউতীৰ জ্যোতিষ্মান ৰূপত
নাচে বসন্তৰ সুবৰ্ণ কল্পনা।