অসমবাসীক ব’হাগ বিহুৰ শুভেচ্ছা অসম জাতীয় পৰিষদৰ
এই ব’হাগতেই জাতীয় জীৱনে নতুন শকতিৰে উজ্জীৱিত হৈ উঠিব বুলি আশাবাদীঃ লুৰীণজ্যোতি গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীৰ লগতে দেশ-বিদেশৰ সকলো অসমীয়াকে ব’হাগ বিহুৰ ওলগ আৰু প্ৰীতিভৰা সম্ভাষণ জনাইছে অসম জাতীয় পৰিষদে। এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘শ্ৰদ্ধাৰ অসমবাসীলৈ ব’হাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু সেৱা জনাইছোঁ৷ অসমবাসীৰ কুশল কামনা কৰি এই মংগলময় সময়ত আমি প্ৰাৰ্থনা জনাইছোঁ৷ অসমৰ খিলঞ্জীয়া নাগৰিকৰ সাহ আৰু প্ৰেৰণাৰ আকৰ এই ব’হাগতেই জাতীয় জীৱনে নতুন শকতিৰে উজ্জীৱিত হৈ উঠিব বুলি আমি আশাবাদী৷’ ব’হাগ বিহুৰ শুভক্ষণত স্বাভিমানী জাতীয়তাবাদ আৰু স্বাধিকাৰ প্ৰতিষ্ঠাৰ মহাসংগ্ৰামখনৰ বাবে অসমবাসীৰ আশীৰ্বাদ কামনা কৰি নেতাদ্বয়ে লগতে কয়, ‘ব’হাগেই নতুন প্ৰাণশক্তিৰে অসমীয়া ৰাইজক উদ্বুদ্ধ কৰক। এই ব’হাগতেই অসমবাসীয়ে নিজৰ বৰ্তমান আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লগতে জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যৎ সুনিশ্চিত কৰাৰ সংকল্প ল’ব বুলি আমি গভীৰভাৱে বিশ্বাসী।’গগৈ আৰু ভূঞাই পুনৰ কয়, ‘আমি অন্তঃকৰণেৰে আশা কৰোঁ যে প্ৰতিটো দিশত জাতিৰ স্বাভিমান জীয়াই ৰখাৰ পণ লৈ অসমমাতৃৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সকলোৱে নিজ নিজ ক্ষেত্ৰত দৃঢ়তাৰে ধাৱমান হ’ব। আহক, আমি সকলোৱে প্ৰতাৰক আৰু বিশ্বাসঘাতকসকলৰ প্ৰলোভন আৰু শোষণৰ কাৰচাজি ওফৰাই আকৌ জাতীয় জীৱনক জ্যোতিষ্মান কৰি তোলাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰোঁ।’