ডিব্ৰুগড়ৰ বাণীপুৰ মইনা পাৰিজাতত ব’হাগী আদৰণী অনুষ্ঠান ‘কপৌফুল ফুলিবৰ বতৰ’ উদযাপন

ডিব্ৰুগড়ৰ বাণীপুৰ মইনা পাৰিজাতত ব’হাগী আদৰণী অনুষ্ঠান ‘কপৌফুল ফুলিবৰ বতৰ’ উদযাপন 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যখনতে বাপতি সাহোন ৰঙালীক আদৰাৰ প্ৰস্তুতিৰ মাজতে ডিব্ৰুগড়ৰ বাণীপুৰ মইনা পাৰিজাততো ‘কপৌফুল ফুলিবৰ বতৰ’ শীৰ্ষক এক নৃত্য গীতৰ অনুষ্ঠান ১২ এপ্ৰিলত উদযাপন কৰা হয়। অনুষ্ঠানত মইনা পাৰিজাতৰ শিশুসকলৰ মাজত ‘ক’ আৰু ‘খ’ দুটা শাখাত বক্তৃতা প্ৰতিযোগিতা, বিহুনৃত্য আৰু বিহুনাম প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ বটাঁ বিতৰণী অনুষ্ঠানৰ মাজতে বিগত বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী হিচাপে মইনা নয়ৰীতি বৰুৱা, ৰ’জলিন নেহা আহমেদ আৰু অনুসূয়া গগৈক বিশেষভাৱে পুৰষ্কৃত কৰা হয়। অনুষ্ঠানত অতিথি শিল্পী হিচাপে উপস্থিত থাকি মইনা সকলক বিহুনৃত্য আৰু বিহুনামৰ নিয়ম সম্পৰ্কে বক্তৃতা প্ৰদান কৰে উদীয়মান নৃত্যশিল্পী তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যুৱবাণীৰ ঘোষক আবৃতা লিজা পাঠকে। অভিভাৱক সকলৰ লগতে অনুষ্ঠানত উপস্থিত থাকে পাৰিজাতৰ উপদেষ্টা অজয় দত্ত আৰু পদ্মা শইকীয়া খনিকৰ। আনহাতে বাণীপুৰ মইনা পাৰিজাতৰ সমিতিৰ হৈ বিষয়ববীয়া ক্ৰমে উপ-সভাপতি জগন্নাথ দুৱৰা, সহ সম্পাদক দিলীপ ডেকাবৰুৱা, পৰিচালিকা উষা দত্ত আৰু বৰ্ণালী মেচ চাংমাই উপস্থিত থাকে। পাৰিজাতৰ সমগ্ৰ অনুষ্ঠানটি পৰিচালনা কৰে সম্পাদক বিষ্ণু গোহাঁইয়ে।