স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ বিহু নাচ-ঢোল বাদন কৰ্মশালাৰ সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ফটাশিল-গড়চুক অঞ্চলৰ স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ উদ্যোগত ৩ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ চম্পাৱতী হাইস্কুল প্ৰাংগনত অনুষ্ঠিত বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালাখন ৯ এপ্ৰিলত সামৰণি মৰা হয়৷ সংস্থাৰ সম্পাদক নুৰুল হক আহমেদে আঁত ধৰা সামৰণি অনুষ্ঠানত পৌৰোহিত্য কৰে সভাপতি কুমুদ শৰ্মাই৷জ্যেষ্ঠ সদস্য মদন মোহন তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মুখ অতিথি,প্ৰাক্তন শিক্ষয়িত্ৰী নিৰদা দেৱী,বিশিষ্ট অতিথি,সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীণা দাসে বিহু নাচ আৰু ঢোল বাদনৰ বিষয়ে প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি কিছু মন্তব্য আগবঢ়ায়৷
অনুষ্ঠানত কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক মৃণাল দাস আৰু কস্তুৰী কাশ্যপক সম্বৰ্ধনা জনোৱা হয়৷জ্যেষ্ঠ সদস্য গকুল বৰুৱা আৰু জ্যোতিষ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷অনুষ্ঠানত মুখ্য প্ৰশিক্ষক মৃণাল দাস আৰু কস্তুৰী কাশ্যপে প্ৰশিক্ষণ দিয়া প্ৰশিক্ষাৰ্থীসকলে সামৰণি অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত আটাইকে আমোদ দিয়ে৷