মাজুলীৰ জোনাকী জাতীয় বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ 

মাজুলীৰ জোনাকী জাতীয় বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ 
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নামনি মাজুলীৰ গোৱালগাঁওস্হিত জোনাকী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এশ শতাংশ উত্তীৰ্ণ হোৱাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিছে । বিদ্যালয়খনৰ পৰা এইবাৰ অৱতীৰ্ণ হোৱা ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৪ গৰাকীয়েই উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত ২১ জনে প্ৰথম বিভাগত,২ জনে দ্বিতীয় বিভাগত আৰু ১ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত ২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ড্ৰিষ্টিংচন লাভ কৰিছে আৰু ৬ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । মাজুলীৰ আগশাৰীৰ বিদ্যালয়খনৰ পৰা আজি ঘোষিত ফলাফলত অসমীয়া বিষয়ত লেটাৰ নম্বৰ ১ জন, ইংৰাজী -১০ জন, সাধাৰণ গণিত -৩ জন, বিজ্ঞান- ১৫ জন, সমাজ বিজ্ঞান- ৬ জন, উচ্চ গণিত- ২ জন , ভূগোল – ৮ জন আৰু হিন্দী বিষয়ত ২ জন ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এই সন্তোষজনক সফলতাত বিদ্যালয়ৰ অধ্যক্ষ বিপুল কুমাৰ বৰুৱাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছে আৰু অভিভাৱক , শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।