উচ্চতৰ মাধ্যমিক প্রথম বার্ষিকৰ নামভর্তি বাবে ‘দর্পণ’ প’র্টেল মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথম বার্ষিকত নামভৰ্তিৰ বাবে নির্দেশনা জাৰি কৰিছে। পৰিষদে এক জাননীযোগে জনাই যে উচ্চতৰ মাধ্যমিক প্রথম বাৰ্ষিকত নামভৰ্তিৰ বাবে অহা ১৭ এপ্ৰিলৰ পৰা দৰ্পণ প’ৰ্টেলযোগে আবেদন কৰিব পাৰিব। ১৭ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। ইয়াৰ পাছত ২৫-২৬ এপ্ৰিলত শিক্ষানুষ্ঠানসমূহে মেধাৰ তালিকা প্রকাশ কৰিব। প্ৰ’ভিজনেল’ ছিলেকচন লিষ্ট ২৭ এপ্ৰিলৰ পুৱা ১০ বজাত প্রকাশ পাব। ২৭ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ নামভৰ্তিৰ দিন ধাৰ্য কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত নামভৰ্তি নকৰিলে পৰৱৰ্তী সময়ত পুনৰ নতুনকৈ সময় দিয়া হ’ব। ১৫ মে’ৰ পিছত পুনৰ ৫ দিনৰ বাবে দর্পণ প’র্টেলত সুবিধা প্ৰদান কৰা হ’ব। এজন শিক্ষার্থীয়ে সর্বাধিক ৫খন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব।