বংশৰৰ পাঠভৱন শিক্ষা ফাউণ্ডেশনৰ প্ৰাক্ বিহু উদযাপন

বংশৰৰ পাঠভৱন শিক্ষা ফাউণ্ডেশনৰ প্ৰাক্ বিহু উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ অন্তৰ্গত বংশৰত পাঠভৱন শিক্ষা ফাউণ্ডেশনে ১১ এপ্ৰিল শুকুৰবাৰে উদযাপন কৰে প্ৰাক্ বিহু। শিক্ষক,ছাত্র-ছাত্ৰী, অভিভাৱক আদি সকলোৱে বিহু নৃত্য পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে। কুলিৰ মাতত প্ৰকৃতিৰ ৰং আৰু ঢোলৰ মাতত নাচনীৰ মন যেন এক সুন্দৰ নিদর্শন দাঙি ধৰা দেখা গৈছে। তাৰে এক নিদৰ্শন বংশৰ পাঠভৱন শিক্ষা ফাউণ্ডেশন। ছাত্র-ছাত্ৰীক বিহুৰ বাবে আকৰ্ষিত কৰিবলৈ আৰু সাত (৭)বিহু সম্পর্কে আৰু বিহুৰ লগত জড়িত সামগ্ৰীৰ কি ধৰণে ব্যৱহাৰ কৰে তাৰ ওপৰত বক্তব্য আগবঢ়াই স্কুল পৰিচালিকা পূৰৱী শৰ্মাই। ৰঙালী বিহুৰ সময়ত সকলোৰে মন প্ৰাণ ভৰি পৰে তেনে সময়ত পাঠ ভৱন শিক্ষা ফাউণ্ডেশন বংশৰতো উদযাপন কৰা দেখা গল এক ব্যতিক্ৰমী প্ৰয়াস।লগতে অনুষ্ঠানটোত বহুতো লোক উপস্থিত থাকে।