কলকাতাৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত চেন্নাই
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলত ক্রমাগত পঞ্চমটো পৰাজয়ৰ সন্মুখীন হৈছে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ। চেন্নাইত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত ঘৰুৱা দল চেন্নাই ছুপাৰ কিংছে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত আঠ উইকেটত পৰাস্ত হয়। মেচখনত বিজয় সাব্যস্ত কৰি কলকাতাই পইন্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়। ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১০৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সুনীল নাৰিনৰ ১৮ বলত দর্শনীয় ৪৪ ৰানৰ সহায়ত কলকাতাই ১০.১ অভাৰতে দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। অ’পেনাৰ কুইন্টন ডি ক’কে ২৩, অধিনায়ক আজিংক্য ৰাহানেই অপৰাজিত ২০ আৰু ৰিংকু সিঙে ১৫ ৰান কৰি নটআউট হৈ থাকে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১০৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰথমৰ পৰাই বিপৰ্যয়ৰ সন্মুখীন হোৱা চেন্নাইৰ হৈ সর্বাধিক অপৰাজিত ৩১ ৰান কৰে শিৱম ডুবেই। বিজয় শংকৰে ২৯, ৰাহুল ত্রিপাঠীয়ে ১৬, ডেভ’ন ক’নৱেই ১২ আৰু ৰাচিন ৰবীন্দ্ৰই চাৰি ৰান কৰি পেভিলিয়নমুখী হয়। দলটোৰ সাতগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰাত ব্যর্থ হয়। চলিত আইপিএলত চেন্নাই দলক প্ৰথমবাৰৰ বাবে নেতৃত্ব দিয়া মহেন্দ্র সিং ধোনীয়ে মাত্র ১ ৰান কৰি পেভিলিয়নমুখী হয়। কলকাতাৰ হৈ সুনীল নাৰিনে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণা আৰু বৰুণ চক্রৱৰ্তী উভয়ে দুটাকৈ তথা বৈভৱ আৰোৰা আৰু মঈন আলী উভয়ে এটাকৈ উইকেট লাভ কৰে।