পুনৰ অধিনায়কৰ দায়িত্বত ধোনী
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আই পি এলৰ পৰা চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে আঘাতৰ বাবে আধাতে বাহিৰ হ’বলগীয়া হৈছে ৷ চলিত আইপিএলৰ পৰৱৰ্তী মেচকেইখনত চেন্নাই ছুপাৰ কিংছক পুনৰ নেতৃত্ব দিব মহেন্দ্র সিং ধোনীয়ে। কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে খেলিবলগীয়া মেচখনৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ মুখ্য প্রশিক্ষক ষ্টিফেন ফ্লেমিঙে কয় যে দলটোৰ স্থায়ী অধিনায়ক ৰুতুৰাজ গাইকোৱাড সম্প্রতি আঘাতপ্রাপ্ত। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলা মেচখনৰ সময়ছোৱাত গাইকোৱাডে সোঁ কিলাকুটি আঘাত পাইছিল। এই আঘাতৰ বাবে গাইকোৱাডে পৰৱৰ্তী মেচকেইখনত অংশগ্ৰহণ কৰিব নোৱাৰিব। এয়া আমাৰ বাবে এক মোক্ষম আঘাত। গাইকোৱাডৰ অনুপস্থিতিত মহেন্দ্র সিং ধোনীয়ে চিএছকেক নেতৃত্ব দিব। ধোনীৰ নেতৃত্বত দলটোৱে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আশা ব্যক্ত কৰে মুখ্য প্রশিক্ষক ফ্লেমিঙে। উল্লেখ্য যে চলিত আইপিএলত চেন্নাই ছুপাৰ কিংছে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই। দলটোৱে এতিয়ালৈকে পাঁচখন মেচ খেলি এখনত জয় আৰু চাৰিখনত পৰাস্ত হৈ পইন্ট তালিকাৰ নৱম স্থানত আছে।