অসম বিশ্ববিদ্যালয়ত নাই ৰঙালী বিহুত বন্ধ

অসম বিশ্ববিদ্যালয়ত নাই ৰঙালী বিহুত বন্ধ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ এখন আগশাৰীৰ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অসম বিশ্ববিদ্যালয়ে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুৰ প্ৰতি চূড়ান্ত উপহাস প্রদর্শন কৰিছে । লক্ষণীয় বিষয় যে ব’হাগ বিহুত কোনো বন্ধ নাই অসম বিশ্ববিদ্যালয়ত । অসমৰ বাকী বিশ্ববিদ্যালয়সমূহত ব’হাগ বিহু উপলক্ষে বন্ধ থাকিব । কিন্তু অসম বিশ্ববিদ্যালয়ত বাপতি সাহোন ৰঙালী বিহুক লৈ নাই কোনো বন্ধ । বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ অধীনৰ মহাবিদ্যালয়সমূহৰ বাবে প্ৰকাশ কৰা বন্ধৰ তালিকাত ৰঙালী বিহুৰ বাবে এদিনো বন্ধ নিৰ্ধাৰণ কৰা হোৱা নাই। অর্থাৎ ৰঙালী বিহুত শিলচৰস্থিত অসম বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনস্থ মহাবিদ্যালয়সমূহ খোলা থাকিব। বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত প্রকাশ কৰা বন্ধৰ জাননী অনুসৰি মকৰ সংক্ৰান্তি অথবা মাঘ বিহু, গণৰাজ্য দিৱস, কাৰ্বি যুৱ মহোৎসৱ, মহাশিৱৰাত্রি, হোলী, ঈদ-উল-ফিটৰ, মহাবীৰ জয়ন্তী, গুড ফ্রাইডে, বুদ্ধ পূর্ণিমা, ঈদ-উজ-জোহা, মহৰম, স্বাধীনতা দিৱস, মিলাড-উন-নবী, গান্ধী জয়ন্তী, কালীপূজা, গুৰুনানকৰ জন্মদিন আৰু বৰদিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। কিন্তু ৰঙালী বিহুৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই কোনো বন্ধ এই তালিকাত সন্নিৱিষ্ট কৰা নাই। স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ এই কাৰ্যই ৰাজ্যবাসীক স্তম্ভিত কৰি তুলিছে।লক্ষণীয়ভাবে এই বিশ্ববিদ্যালয়খনত ব্রহ্মপুত্ৰ উপত্যকাৰ যথেষ্ট শিক্ষার্থীয়েও অধ্যয়ন কৰে। তদুপৰি বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ অধীনস্থ কলেজসমূহত ব্রহ্মপুত্র উপত্যকাৰ বহুসংখ্যক লোক কৰ্মৰত হৈ আছে। কিন্তু বিশ্ববিদ্যালয়খনে বন্ধৰ তালিকাত ৰঙালী বিহুক অন্তর্ভুক্ত নকৰাত সংশ্লিষ্ট শিক্ষক-কর্মচাৰী আৰু শিক্ষার্থীসকল বিহুৰ বাবে ঘৰলৈ অহাটো সম্ভৱপৰ নহ’ব। অৰ্থাৎ পৰিয়ালৰ সৈতে ৰঙালী বিহুৰ আনন্দ উপভোগ কৰাৰ পৰা তেওঁলোক বঞ্চিত হ’ব লাগিব।বিশ্ববিদ্যালয়খনৰ এনে কাৰ্যত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই বুধবাৰে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন জাননীযোগে ১৪ এপ্ৰিলৰ দিনটোত বন্ধ ঘোষণা কৰে । কিন্তু সেয়াও বিহুৰ বন্ধ নহয় । এই জাননীত এই দিনটোত বি আৰ আম্বেদকাৰৰ জন্মজয়ন্তী উপলক্ষে বিশ্ববিদ্যালয় বন্ধ থাকিব বুলিহে উল্লেখ কৰা হৈছে । বি আৰ আম্বেদকাৰৰ জন্মজয়ন্তীত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় বন্ধ ।