বাৰ্তাবাহক
দীপালী শইকীয়া গগৈ,আমগুৰি
নৱ পৰিণীতা পত্নীৰ সংগসুখত মজি
নিৰ্বাসিত হ’ব লগা হ’ল যক্ষ
কৰ্তব্যত অৱহেলা হেতু
পত্নীৰ বিৰহ বেদনাত তেওঁ
অতিকে অধীৰ
ব্যাকুল বিহ্বল হৃদয় উপকূল
আলফুলে সাঁচি ৰখা
প্ৰণয়ৰ ভোগজৰাটি
কিমতে প্ৰেৰণ কৰে
প্ৰিয়তমাৰ সমীপে
ব্যথা ভৰা হিয়াৰ দাৰুণ বিননি
আহাৰৰ এচমকা ক’লীয়া ডাৱৰে
দিলে দেখা
সেই মেঘক আকূতি জনালে
দূতস্বৰূপে কৰিলে নিয়োগ.
হৃদয়ৰ বিষাদ ৰাগিণী শুনাবলে
স্বল্প বসনা প্ৰাণাধিকা পত্নীৰ কাষলে
শুনাবলৈ সান্তনাৰ বাণী
ঘটিলে সমাপ্তি অভিশপ্ত দিনৰ
পূৰ্ণ হ’ব প্ৰাণৰ পিয়লা
বিৰহী যক্ষৰ গুপুত সংবাদ
পুৰীৰ তোৰণ দ্বাৰৰ
সিপাৰত থকা পত্নীৰ
অন্ত হ’ব বেউলা অপেক্ষা৷