কপৌফুল পাহ – মীৰা কোঁৱৰ

কপৌফুল পাহ

মীৰা কোঁৱৰ

 জুলুঙাত এতিয়াও…
তুমি দিয়া কপৌফুল পাহ
এতিয়াও আছে মোৰ জুলুঙাত
ধূসৰতাৰ বৰণ হৈছে যদিও
সযতনে থৈছোঁ
তুমি দিয়া যে
প্ৰতিটো বিহুতে উলিয়ায় চাওঁ ,
তুমি যে দেখাই পোৱা নাছিলা
ফুলপাহ দিয়া দিনা
মোৰ ঘিলা খোপাত লগাই
বাৰে বাৰে আইনা চাই
সুখত ভাগি পৰিছিলো
তুমি যে কাষতেই নাই
ধুনীয়া লাগিছে বুলি ক’বলৈ
এতিয়াও কলিজা স্পৰ্শ কৰি যায়
তোমাৰ অনুভৱ বোৰে
এতিয়াও ছটিয়াই যায় ফুলপাহে
তোমাৰেই সুগন্ধি
তুমি দিয়া যে।