শিশুকবিতা
জীৱনৰ লক্ষ্য
বাহাৰুল ইছলাম
মই হ’ম গান্ধীজীৰ দৰে
সত্যৰ ৰচীত ধৰিম,
হিংসাৰ মালাধাৰি চিঙিম বাৰে বাৰে
সত্যবাদীহে হ’ম।
মই হ’ম জৱাহৰলাল নেহৰু
শিশুৰ ভৱিষ্যত উজ্জ্বল কৰিম,
খুড়া হৈ সিহঁতক সুযোগ দিম
দেশ দহৰ বাবেহে মৰিম।
মই হ’ম নেতাজী বসুৰ দৰে
আদৰ্শৰে জীয়াই থাকিম ,
বিপ্লৱৰ জয়ধ্বনিৰে যাম আগুৱাই
দেশৰ মান ৰাখিম।
মই হ’ম কনকলতা-মুলাগাভৰু
নকৰোঁ গুলিকো ভয়,
দেশৰ বাবে প্ৰাণ আহুতি দিম
কৰিমেই অসমীয়াৰ জয়।
মই হ’ম লাচিত বৰফুকনৰ দৰে
প্ৰতিশ্ৰুতি মতে কৰিম কাম ,
আপোনজনক শিৰচ্ছেদ কৰি হ’লেও
দেশ-জাতিৰ বাবে আগুৱাই যাম।
মই হ’ম কালাম আজাদৰ দৰে
জ্ঞানেৰে জগত জিলিকাম,
আন্ধাৰকো নেওচি পূৰ্ণিমাক আদৰিম
কেৱল জ্ঞানৰ পাঠ শিকাম।