সময়- নিৰ্বাক ব্ৰহ্মস্ৰোত – নাচিমা য়াচমিন

সময়- নিৰ্বাক ব্ৰহ্মস্ৰোত

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

সময়,
এক অলঙ্ঘ্য, অপাৰ,
অথচ নিৰ্বাক ব্ৰহ্মস্ৰোত,
যি বৈ নাযায় কেৱল,
বৰঞ্চ গিলি লয় সঁচা মৰম,
আৰু স্বপ্নৰ অপাৰ সম্ভাৰ।
এই অদৃশ্য সোঁতত
আত্মাই নিজক বিসর্জন দিয়ে,
আৰু তাৰ ৰঙচুৱা গধূলিবোৰত
কেৱল বেদনাৰ নিৰ্বাক
ছাঁবোৰেই টিকি থাকে
আত্মবিশ্লেষণৰ অন্ধ উপত্যকাত
নীৰৱতাৰে উটি ভাঁহি ফুৰে।