তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড

তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলবাৰে পুৱাৰ ভাগত তেজপুৰত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। পুৱাই  তেজপুৰৰ বাৰহলীয়াত সংঘটিত হৈ এক বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হয় এজন যুৱক।শুই থকাৰ অৱস্থাতে বিকাশ শৰ্মা নামৰ যুৱকজন নিহত হয়৷ জানিব পৰা মতে, পেচাত এগৰাকী অধিবক্তা আছিল বিকাশ শৰ্মা। উল্লেখ্য যে একমাত্র জ্যেষ্ঠ ভগ্নীৰ স’তে তেজপুৰৰ বাৰহলীয়াৰ নিজা ঘৰত বাস কৰিছিল অধিবক্তাজনে। মঙলবাৰে পুৱা প্রায় ছয় বজাত সংঘটিত অগ্নিকাণ্ডত অধিবক্তা শৰ্মাৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায়। এই মর্মান্তিক ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে জ্যেষ্ঠ ভগ্নীৰ। প্ৰত্যক্ষদর্শীয়ে সদৰী কৰা অনুসৰি, ভাতৃ আৰু জ্যেষ্ঠ ভগ্নী শুই থকা অৱস্থাতে বাসগৃহটো জুয়ে চানি ধৰে আৰু ফলত ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰা অধিবক্তা বিকাশ শৰ্মা মৃত্যুমুখত পৰে। ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই যদিও এই কথা নিশ্চিত হৈছে যে টোপনিত থকা বায়েক আৰু ভায়েকে অগ্নিকাণ্ডৰ বিষয়ে জনাই নাছিল। বেৰৰ পুৰণা ঘৰটোত লগা জুই নিমিষতে বিয়পি পৰে আৰু দাউদাউকৈ জ্বলি থকা জুই প্রাতঃভ্রমণলৈ ওলাই অহা লোকেহে দেখিবলৈ পায়। লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে আৰু প্ৰত্যক্ষদর্শীসকলে দুৱাৰ ঢকিয়াই তথা চিঞৰি ভিতৰত থকা বায়েক-ভায়েকক বাহিৰলৈ ওলাবলৈ কয় আৰু লগতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। কিন্তু ইতিমধ্যেই জুইৰ মাজত আবদ্ধ হৈ পৰিছিল অধিবক্তা শর্মা। এনে ভীষণ পৰিস্থিতিৰ মাজত শৰ্মাৰ জ্যেষ্ঠ ভগ্নীক বাহিৰলৈ উলিওৱা হয় যদিও ইতিমধ্যে অগ্নিদগ্ধ হয় অধিবক্তাজন। অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপণ কৰে যদিও ইতিমধ্যে অধিবক্তা শৰ্মাৰ মৃত্যু ঘটে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে অধিবক্তা শৰ্মাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।