ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়নৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমে নিজাকৈ উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহ সম্পৰ্কে নতুন দিল্লীস্থ আছাম হাউছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়নৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।ইছৰোৰ অধ্যক্ষ ভি নাৰায়াণনৰ সৈতে হোৱা বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে, অসমৰ ভূখণ্ডত চকু ৰখাকৈ মহাকাশত উৎক্ষেপণ কৰিবলগীয়া কৃত্রিম উপগ্রহক লৈ অতিশীঘ্ৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে এখন বুজাবুজি চুক্তি সম্পাদন কৰা হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা মতে, কেৱল অসম ভূখণ্ডত দৃষ্টি নিবদ্ধ ৰখাকৈ ৬-৭টা উপগ্রহ প্ৰেৰণ কৰা হ’ব। উপগ্রহসমূহ আপেক্ষিকভাবে কম উচ্চতাৰ কক্ষপথত স্থাপন কৰোৱা হ’ব। উল্লেখ্য যে অনুপ্ৰৱেশ ৰোধ কৰিব পৰাকৈ সীমান্ত সুৰক্ষা, দুর্যোগ ব্যৱস্থাপনা, কৃষিক্ষেত্ৰত উন্নত প্রযুক্তিৰ প্ৰয়োগ, আন্তঃগাঁথনি উন্নয়ন তথা পৰিকল্পনা তথা আইন বলৱৎকাৰী আৰক্ষী ব্যৱস্থাপনাৰ উন্নতি সাধনৰ বাবে চলিত বছৰৰ ৰাজ্যিক বাজেটত বিত্তমন্ত্রী অজন্তা নেওগে অসম চৰকাৰৰ নিজা উপগ্ৰহ প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছিল। ‘অছামছেট’ নামেৰে উৎক্ষেপণ কৰিবলগীয়া উক্ত কৃত্রিম উপগ্ৰহৰ বাবদ ৪৫০ কোটিৰ পৰা ৫০০ কোটি টকা ব্যয় কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° শর্মাই ইয়াৰ পূৰ্বে ধাৰণা ব্যক্ত কৰিছিল। মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই উপগ্রহই কেনোবা বিদেশীয়ে অবৈধভাৱে অসমত প্ৰৱেশ কৰিব বিচাৰিলে তাৰ তথ্য প্রদান কৰিব। তদুপৰি সম্ভাব্য বানপানীৰ আগতীয়া তথ্য তথা খেতিয়কক লাভান্বিত কৰিব পৰাকৈ বতৰৰো আগজাননী দিব পাৰিব। আনহাতে, চন্দ্ৰপুৰত ইছৰোৱে স্থাপন কৰিবলগীয়া মহাকাশ নিৰীক্ষণ কেন্দ্রক লৈও ইছৰোৰ অধ্যক্ষগৰাকীৰ সৈতে তেওঁ আলোচনা কৰা বুলি সাংবাদিকক জানিবলৈ দি কয় যে উক্ত প্রকল্পটোৰ বাবে অহা বছৰ জানুৱাৰী মাহত ৰাডাৰ স্থাপন কৰা হ’ব বুলি ইছৰোৰ অধ্যক্ষগৰাকীয়ে আমাৰ আগত প্ৰকাশ কৰিছে।
ইছৰোৰ অধ্যক্ষজনৰ সৈতেহোৱা বৈঠকৰ পূৰ্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ড° কৃষণ কুমাৰ আৰু কেন্দ্রীয় সাৰ মন্ত্ৰালয়ৰ সচিব ৰজত কুমাৰ মিশ্ৰই সাক্ষাৎ কৰে। ড° কৃষণ কুমাৰৰ সৈতে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ নিৰ্মীয়মাণ ঘাইপথ প্রকল্পসমূহক লৈ আলোচনা কৰে। আলোচনাৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, তেওঁ এন এইচ আই ডি চি এলৰ পৰিচালন সঞ্চালকজনক ৰাজ্যৰ কেইবাটও নির্মীয়মাণ প্রকল্পৰ কাম ত্বৰান্বিত কৰাৰ বাবে অনুৰোধ জনাইছে। ইয়াৰ ভিতৰত ধুবুৰী-ফুলবাৰী সংযোগী ১৯.২৮ কিলোমিটাৰ ব্যাপী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ চাৰি লেনযুক্ত দলং, ২৫ হাজাৰ কোটিটকীয়া গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ হাইৱে, নুমলীগড়-গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগীয় সুৰংগ, বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ আৰু গহপুৰৰ পৰা কুলাজানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণক লৈ বিশেষ আলোচনা হয়।
আনহাতে, কেন্দ্রীয় কেবিনেটে অনুমোদন জনোৱা নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ কাম সময়মতে সম্পন্ন কৰাক লৈ মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় সাৰ মন্ত্ৰালয়ৰ সচিব ৰজত কুমাৰ মিশ্ৰৰ সৈতে আলোচনা কৰা বুলিও সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখ্য যে নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনত ১০,৬০১.৪০ কোটি টকা ব্যয় কৰা হ’ব।