ৱাক্ফ আইন ২০২৫ বাতিলৰ দাবীত চচলত মুছলিম ছাত্ৰ সন্থা সহ পাঁচ সংগঠন প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ মুছলমানৰ ৱাকফ আইন সংশোধন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰে নতুনকৈ প্ৰনয়ন কৰা ৱাকফ আইন ২০২৫ খনৰ বিৰোধিতা কৰিছে অসমৰ পাঁচোটাকৈ মুছলিম সংগঠনৰ হাজাৰ হাজাৰ প্ৰতিবাদ কাৰীয়ে।আজি চচলত মুছলিম ছাত্ৰ সন্থা অসম,নেমছু, মুছলিম জাতীয় পৰিষদ,আৰএমছি, এবিএমছু উদ্যোগত গুৱাহাটীৰ ছচলত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ৰাষ্ট্ৰপতি লৈ সমুহীয়াভাৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰে পাঁচটাকৈ মুছলিম সংগঠনে। প্ৰতিবাদ স্থলীৰ পৰাই মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনে ৱাকফ নতুন আইন খন তাৎক্ষণিক বাবে বাতিল কৰাৰ শুংকাৰ দিয়ে অন্যথা ভাৰতৰ সকলো মুছলমানক লৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ সাজু আছে, আইন খনে মুছলিম সকলৰ ধৰ্মীয় ৰীতি নীতিৰ উপৰিও সাংবিধানিক অধিকাৰ কাৰি লৈছে বুলি কৈ উদ্দিনে কয় যে পুনৰ বিবেচনা নহ’লে উচ্চতম ন্যায়ালয়ৰ ধাৰাস্থ হ’ব মুছলিম সংগঠনে। আনহাতে বিভিন্ন বিভিন্ন শ্লো গানেৰে চচলৰ আকাশ বতাহ কপাই তুলে প্ৰতিবাদ কাৰী মুছলিম সংগঠনে।জেল,গুলী খাম, প্ৰান দিম ৱাক্ফ নিদিওঁ বুলি ভাবুকি প্ৰদান কৰে নেমছু,এমজিপিৰ সভাপতি বদৰুল ইছলাম আৰু মতিয়াৰ ৰহমানে। আনহাতে মুছলিমৰ সম্পত্তিত মুছলিম অধিকাৰ থাকিব লাগিব বুলি চিয়ৰী চিয়ৰী মন্তব্য কৰে আৰ এমচি সভাপতি আব্দুল আৱাল আৰু এবিএমছু ৰ নেতৃত্বই।