মাজুলী মহাবিদ্যালয়ত গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত ডঃ বসন্ত কুমাৰ গোস্বামী

মাজুলী মহাবিদ্যালয়ত গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত ডঃ বসন্ত কুমাৰ গোস্বামী
‘গ্ৰন্থৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে সমালোচনা হ’বই লাগিব’ঃ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘তথ্য আৰু জ্ঞানৰ ৰসাস্বদনেৰে নম্ৰতা, শিক্ষাচাৰ আদি মানৱীয় প্ৰমূল্যবোধ গঢ় দিয়াত গ্ৰন্থই সহযোগ কৰে। যান্ত্ৰিকতাই জীৱনত চমক দিব পাৰে, কিন্তু জীৱনৰ শেষ বয়সলৈকে মানৱ জীৱনৰ লগৰী হ’ব নোৱাৰে। সেয়েহে যুগে যুগে কিতাপ মানৱ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। অৱশ্যে, কিতাপৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে সুস্থ সমালোচনা হ’বই লাগিব।”— এই বক্তব্য অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ। মাজুলী মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হোৱা দ্বিতীয় মাজুলী মহাবিদ্যালয় গন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। আয়তীসকলৰ উৰুলিধ্বনিৰ মাজত মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতে। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ শিক্ষকসকলে ডঃ দেৱজিৎ শইকীয়া ৰচিত আৰু অনিল কুমাৰ বৰা সুৰাৰোপিত মহাবিদ্যালয় সংগীতটি পৰিৱেশন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক নিৰোদ বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিপাশা পাটগিৰি, ইউ এম কে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জাহ্নৱী লহকৰ বৰুৱা, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গাম, পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰা, গড়মূৰ পি ডি গোস্বামী মহাবিদ্যালয় অধ্যক্ষ অৰূপজ্যোতি শইকীয়া, মাজুলী সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱা, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, ভোলা বৰা, ডঃ আনন্দ হাজৰিকা। অধ্যাপক তুলসী ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, জিতেন্দ্ৰ নাথ ডেকা, অমৃতেশ্বৰ চুতীয়া, কিশোৰী মোহন পাল, অৰুণ কুমাৰ পাঠক, জগত হাজৰিকা, যুগল হাজৰিকা, খগেন হাজৰিকা, দধিৰাম বৰুৱা, লোহিত বৰা, সুভদ্ৰা শইকীয়া বৰা প্ৰমুখ্যে লোকসকল উপস্থিত থকা উদ্বোধনী অনুষ্ঠানৰ পিছতেই বিয়লি ১ বজাত মাজুলী জিলা সাংবাদিক সন্থাৰ দ্বাৰা ‘সাংবাদিক সন্মিলন’ অনুষ্ঠিত হয়। মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত ‘সাংবাদিক সন্মিলন’ত ‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকৰ কৰণীয়’ শীৰ্ষক এক বক্তৃতানুষ্ঠানত আদৰণী ভাষণ দিয়ে অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্তই আঁত ধৰা বক্তৃনানুষ্ঠানটি উদ্বোধন কৰে ‘আপকু’ৰ কেন্দ্ৰীয় উপ সভাপতি জীৱন বৰুৱাই। আলোচক হিচাপে ভাগ লয় মাজুলী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা বিপিন শইকীয়া, পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ঘনকান্ত নাথ আৰু বিশিষ্ট লেখিকা অদিতি বৰুৱাই ৷ অনুষ্ঠানত সত্ৰীয়া শিল্পী তথা মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৰুণা বৰা, ‘আপকু’ৰ মাজুলী জিলাৰ প্ৰাক্তন সভাপতি জ্যোতিষ কুমাৰ তামুলী, সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সূৰ্য কুমাৰ ভূঞা আৰু মাজুলী জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  সভাপতি মুনীন্দ্ৰ ভূঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বিয়লি ৪ বজাৰ পৰা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক সুৰেন্দ্ৰ নাথ মুদৈৰ সঞ্চালনাত এক ব্যতিক্ৰমী অনুষ্ঠান ‘লেখক-পাঠকৰ আড্ডা’ অনুষ্ঠিত হয়। অনুষ্ঠানত যুৱ লেখক-সম্পাদক জয়ন্ত হাজৰিকা, যুৱ সাংবাদিক উৎপল বৰা, যুৱ লেখক কুশদীপ হাটীমতা, যুৱ প্ৰাবন্ধিক ভবানন্দ হাজৰিকা, যুৱ লেখিকা পম্পী হাজৰিকা আৰু যুৱ অধ্যাপিকা কুঁকি কল্পিতা বৰাই অংশগ্ৰহণ  কৰিব। আৰু বিয়লি ৪ বজাৰ পৰা ‘লেখক-পাঠকৰ আড্ডা’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। কালিলৈ পুৱা ৯:৪৫ বজাত প্ৰাক্-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ দুটা শাখাত অনুষ্ঠিত হ’ব লগীয়া চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰিব জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক দীপু বৰাই । ১১ বজাৰ পৰা ‘অসমীয়া শিশু সাহিত্যঃ বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। সাহিত্যিক তথা অৱসৰী অধ্যক্ষ গুণমণি নাথে উদ্বোধন কৰিবলগীয়া আলোচনা চক্ৰ সঞ্চালনা কৰিব ‘মৌচাক’ৰ সহকাৰী সম্পাদক, শিশু সাহিত্যিক জগত বৰাই। বিশিষ্ট ঔপন্যাসিক অধ্যাপক আকাশ দীপ্ত ঠাকুৰ আৰু যুৱ লেখিকা শিক্ষয়িত্ৰী মুনমী দত্ত হাজৰিকাই আলোচক হিচাপে ভাগ ল’ব। বিয়লি ২ বজাৰ পৰা মাজুলী লেখিকা সমাৰোহৰ দ্বাৰা ‘লেখিকা সমাৰোহ’ত বন্তি প্ৰজ্বলন কৰিব মিনতি শইকীয়াই। জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মণিকা মহন্ত গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিতব্য সভা উদ্বোধন কৰিব মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সাংগঠনিক সম্পাদিকা ৰুবী শইকীয়াই। জিলা সম্পাদিকা লক্ষিমী বৰা শইকীয়াই আঁত ধৰিব লগীয়া সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰিব এনাজৰী শাখা লেখিকা সমাৰোহ সমিতিৰ পত্ৰিকা সম্পাদিকা মৃদুস্মিতা নাথে। সন্মিলনত অৰ্ধশতাধিক লেখিকাই অণুগল্প তথা কবিতা পাঠ কৰিব। ৪ বজাৰ পৰা হ’ব লগা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী সমৰজিৎ সেনে। অনুষ্ঠানত বিষ্ণু দাস, উৎপলা বৰা প্ৰভৃতি বছা বছা শিল্পীয়ে অংশ গ্ৰহণ কৰিব। উল্লেখযোগ্য প্ৰথমদিনাই বৃহৎ সংখ্যক গ্ৰন্থপ্ৰেমীৰ আগমন ঘটা গ্ৰন্থমেলাৰ কেউদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে ।