প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক দুটাকৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত ২ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ৰেট। আবকাৰী শুল্ক প্রতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰাৰ ফলত প্ৰতিলিটাৰ পেট্ৰ’লত শুল্ক হ’বগৈ ২১.৯০ টকা আৰু ডিজেলত ১৭.৮০ টকা। ইফালে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে ঘোষণা কৰা অনুসৰি এই শুল্ক বৃদ্ধিৰ ফলত গ্ৰাহকৰ ওপৰত কোনো প্ৰভাৱ নপৰে। গ্রাহকে পূৰ্বৰ দামতে লাভ কৰিব পেট্র’ল-ডিজেল। কার্যতঃ আবকাৰী শুল্ক বৃদ্ধিৰ পাছতো খুচুৰা বিক্রীত প্ৰভাৱ নপৰে। মন কৰিবলগীয়া যে ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি চর্চা চলিছে। অৱশ্যে এনে আবকাৰী শুল্ক বৃদ্ধিৰ ফলত পৰিবহণৰ সামগ্ৰীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বিশ্বজুৰি তেলৰ মূল্য হ্রাস পোৱাৰ ফলত চৰকাৰে স্থানীয়ভাৱে উৎপাদিত খাৰুৱা তেলৰ ওপৰত শুল্ক হ্রাস কৰিছিল। এই শুল্ক বৃদ্ধিৰ প্ৰাক্ষণত ৭ এপ্রিলত প্রতিলিটাৰ পেট্ৰ’লৰ মূল্য নতুন দিল্লীত ৯৪.৭৭ টকা, মুম্বাইত ১০৩.৫০ টকা, চেন্নাইত ১০০.৮০ টকা আৰু কলকাতাত ১০৫.০১ টকা। আনহাতে, নতুন দিল্লীত প্রতিলিটাৰ ডিজেলৰ মূল্য ৮৭.৬৭ টকা, চেন্নাইত ৯২.৩৯টকা, মুম্বাইত ৯০.০৩ টকা আৰু কলকাতাত ৯১.৮২ টকা।