” কবিতাৰ মহাসন্মিলন অসম” ৰ অষ্টম বাৰ্ষিক অধিবেশনৰ সম্পন্ন

” কবিতাৰ মহাসন্মিলন অসম” ৰ অষ্টম বাৰ্ষিক অধিবেশনৰ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া আধুনিক কবিতাক উত্তৰণ‌ তথা নতুন দিনৰ কবি সকলক গতিশীলতা প্ৰদানৰ উদ্দেশ্যে প্ৰতিষ্ঠা লাভ কৰা কাব্যনুষ্ঠান” কবিতাৰ মহাসন্মিলন অসম” ৰ অষ্টম বাৰ্ষিক অধিৱেশন খন আজি দিশপুৰ লাষ্টগেট স্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাঙ্গনত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। কবিতা মহাসন্মিলন অসমৰ সভাপতি মুকুট শৰ্মাই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা আজিৰ অনুষ্ঠানৰ লগত নামঘৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উদ্যোগতা সকলে। কবিতা মহাসন্মিলন অসমৰ সাধাৰণ সম্পাদক জোন বৰা আদৰণি ভাষণ আগবঢ়োৱাৰ পাছতে আৰম্ভ হয় অনুষ্ঠানৰ মূল কাৰ্যসূচী ।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কবি যোগেশ বৰাৰ অনুদিত কাব্যগ্ৰন্থ “ধৰতি পৰ্ মতি বৰসংগে”আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰাক্তন আৰক্ষী উপ মহাপ্ৰৱন্ধক তথা মননশীল লেখক ফটিক দত্ত গোস্বামীয়ে।প্ৰায় ডেৰ শতাধিক কবিৰ কবিতাৰে মুখৰিত হোৱা আবৃত্তি,গীত আৰু প্ৰীতি বাকৰ এই সুৰুচিপূৰ্ণ অনুষ্ঠানৰ লগত সংগতি ৰাখি সাহিত্যৰ একনিষ্ঠ সেৱক লাল মানিক লাল ভৌমিকক সম্বৰ্ধনা জনাই কবিতাৰ মহাসন্মিলন অসমে। একেটা অনুষ্ঠানতে প্ৰতিশ্ৰুতি সম্পন্ন কবি দিলীপ কুমাৰ শৰ্মাৰ নৱতম কাব‌্যগ্ৰন্হ “অনুৰাগ”আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ক্ৰমে কবি লেখক ড°ৰঞ্জিত দত্ত,লেখক ড° ভাৰ্গৱ জ্যোতি চহৰীয়া,আৰু ভাষা প্ৰকাশনৰ স্বতাধিকাৰ মুকুট শৰ্মাই। উল্লেখযোগ্য যে কবিতা মহাসন্মিলন অসমে প্ৰতিষ্ঠা কালৰে প্ৰকাশ কৰি অহা কাব্য আলোচনী সাঁকো,এইবাৰো নয়নমনি হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিয়াইছে। শতাধিক নিৰ্বাচিত কবিৰ সুপাঠ্য কবিতাৰে পৰিপূৰ্ণ কাব্য আলোচনী খন আনুষ্ঠানিক ভাৱে‌ উন্মোচন কৰে শিক্ষাবিদ ড° দয়ানন্দ পাঠক আৰু ঔপন্যাসিক ,লেখক মনিকুন্তলা ভট্টাচাৰ্যই। নিজৰ উন্মোচনী ভাষণত ড° পাঠকে অসমীয়া কাব্য সাহিত্যৰ গতিশীলতা, সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাৰ ধাৰণাৰ ওপৰত তত্বগধূৰ মন্তব্য আগবঢ়ায়। গীত কবিতাৰ এই মননশীল অনুষ্ঠানত লেখিকা মনিকুন্তলা ভট্টাচাৰ্যই অসমীয়া কাব্য সাহিত্যৰ এক চিনাকি নাম ড° ৰঞ্জিত দত্তই অনুবাদ কৰি উলিওৱা বিশ্বৰ এশ এগৰাকী মহান কবিৰ এশটি বৰ্ণিল কবিতা” বিশ্ব কবিতাৰ জিলিঙনি”(অনুদিত কাব্যগ্ৰন্থ) খনো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰি অসমীয়া ঔপন্যাসিকা সাহিত্যৰ প্ৰতিষ্ঠিত লেখক গৰাকীয়ে কয় যে কবিতা নিৰ্মাণ কৰা নাযায়।ই স্বতঃফূৰ্ত প্ৰকাশ। নিজৰ ভাষণত ভট্টাচাৰ্যই কবিতাৰ মহাসন্মিলন এই বৰ্ণিল যাত্ৰাই কবি আৰু কবিতাক মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰে।