পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ কৰুণা হাজৰিকা সোঁৱৰণী মাজুলী জিলা ভিত্তিত আকস্মিক বাক আৰু তৰ্ক প্ৰতিযোগিতা সম্পন্ন ; বৃষ্টিৰাণী আৰু ময়ুৰাক্ষী শ্ৰেষ্ঠ তাৰ্কিক
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি মাজুলীৰ ভালুকমৰা গাঁৱত প্ৰতিষ্ঠিত পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চত আজি মাজুলী ভিত্তিত আকস্মিক বাক আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। মাজুলীৰ সুদক্ষ ভলীবল খেলুৱৈ কৰুণা হাজৰিকাৰ সোঁৱৰণত তেওঁৰ শিক্ষয়িত্ৰী পত্নী জ্যোতিমণি হাজৰিকাৰ সহযোগত পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চত আয়োজন কৰা উক্ত প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কৰুণা হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ তথা অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কন্দৰ্প হাজৰিকাই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বিকাশ হাজৰিকাই । পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ সঞ্চালক যতীন্দ্ৰ নাথ মূদৈয়ে আঁত ধৰা অনুষ্ঠানত প্ৰথমে মাজুলী ভিত্তিত আকস্মিক বাক প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশিষ্ট অভিনেতা তথা চিত্ৰশিল্পী দেৱজিত বৰাৰ সঞ্চালনাখন উদ্বোধন কৰে কৰতিপাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন্দ্ৰ নাথ বৰুৱাই । আকস্মিক বাক প্ৰতিযোগিতাত বিচাৰক হিচাপে মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কেশৱ কাকতি আৰু অৰুণোদয় হাইস্কুলৰ শিক্ষক বসন্ত শইকীয়াই অংশগ্ৰহণ কৰে। কুৰিগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত আকস্মিক বাক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে উপকূল মিশ্ৰই । দ্বিতীয় স্থান লাভ কৰে বৰ্ণিল আকাশ মূদৈয়ে আৰু তৃতীয় স্থান লাভ কৰে দেৱাংগ প্ৰসাদ বৰুৱাই।
দুপৰীয়া ১২.৩০ বজাৰ পৰা আন্তঃ মাজুলী তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুটা শাখাত অনুষ্ঠিত হোৱা উক্ত তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষৰ দায়িত্ব পালন কৰে পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতাই।
প্ৰতিযোগিতাত বিচাৰক হিচাপে নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপক জয়ন্ত দত্ত আৰু জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিত শইকীয়াই অংশগ্ৰহণ কৰে। ক শাখা তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল “ম’বাইলতকৈ গ্ৰন্থ শ্ৰেষ্ঠ “আৰু
খ- শাখাৰ তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল – ” অসমীয়া মাধ্যম উচ্চ শিক্ষাৰ অন্তৰায় নহয়”। উক্ত, প্ৰতিযোগিতাত ক’ শাখাত প্ৰথম স্থান লাভ কৰে ময়ুৰাক্ষী বৰুৱাই
দ্বিতীয় : বাৰ্বী শইকীয়া
তৃতীয় : প্ৰিন্সিপ্ৰিয়া কলিতা
আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অভিনয়ন মিশ্ৰই ।
তৰ্ক প্ৰতিযোগিতাৰ ‘খ’ শাখাত প্ৰথম স্থান লাভ কৰে: বৃষ্টি ৰাণী শইকীয়াই ।
দ্বিতীয় : প্ৰজ্ঞানী শৰ্মা
তৃতীয় : দ্বিপ জ্যোতি ভঁৰালী
বিচাৰকৰ বিশেষ বঁটা : যুগশ্ৰী বৰাই ।
প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত প্ৰতিযোগিতাৰ দাতা তথা পহুমৰা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জ্যোতিমণি শইকীয়াই নিজৰ অনুভৱ প্ৰকাশ কৰি বক্তব্য ৰাখে আৰু পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ কতৃপক্ষক সম্বৰ্ধনা জনায়। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে যতীন্দ্ৰ নাথ মূদৈয়ে ।